নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকমন্থনৰ দ্বিতীয় দিনা উখল-মাখল কলাক্ষেত্ৰঃ উপ-ৰাষ্ট্ৰপতি, ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ  “লোকমন্থনৰ বাবে গুৱাহাটী অতি উপযুক্ত ঠাই” বুলি ইতিবাচক বাৰ্তাৰে বক্তব্য আৰম্ভ কৰে আজিৰ লোকমন্থন অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। তেওঁ লগতে উল্লেখ কৰে যে ” ভাৰতীয় সংস্কৃতি সহিষ্ণুতাৰ সংস্কৃতি। প্ৰাচীন ভাৰতীয় ধৰ্মগ্ৰন্থসমূহতো তৰ্ক-আলোচনা আদিৰ বাবে সন্মানীয় আসন আছিল। গীতা-উপনিষদৰ দৰে ভাৰতীয় সভ্যতাৰ প্ৰতিভূ গ্ৰন্থসমূহতো আলোচনাৰ মাধ্যমেৰে বিবাদ মীমাংসাৰ পদ্ধতি অৱলম্বন কৰা দেখা গৈছে। পৃথিৱীৰ বিভিন্ন ঠাইলৈ গৈ তেখেতে বিবিধ সংস্কৃতি প্ৰত্যক্ষ কৰিছে কিন্তু ভাৰতেই একমাত্ৰ দেশ য’ত সংস্কৃতিৰ সাৰমৰ্ম একেই। ভাৰতৰ দৰে বৈচিত্ৰ্যময় সংস্কৃতিৰ মাজৰ ঐক্য আৰু কতো নাই।” সংস্কৃতিৰ ক্ষেত্ৰখনত সকলোৰে কিছু ভূমিকা থকা উচিত বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি তেখেতে সংবাদ মাধ্যম, বুদ্ধিজীৱি সকলৰ কথা উল্লেখ কৰে। এটা কোঠাত বহি পণ্ডিতসকলে সংস্কৃতিৰ গৱেষণা কৰে আৰু সীমান্তত নিজৰ জীৱন বিপদাপন্ন কৰি সৈনিকসকলে সংস্কৃতি ৰক্ষা কৰাৰ যুঁজত অৱতীৰ্ণ হয়। ভাৰতৰ নতুন শিক্ষানীতিৰ বিষয়ে উল্লেখ কৰি তেখেতে কয় যে শিক্ষা কেতিয়াও ৰাজনীতিকৰণ হ’ব নোৱাৰে। শিক্ষাৰ উদ্যোগ প্ৰতিষ্ঠা হ’ব পাৰে য’ত শিক্ষিতসকলেই কাম কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে। ভাষণ প্ৰসংগত তেওঁ জম্বুদ্বীপৰ পৰা ভাৰতভূমিৰ মহত্ব উল্লেখ কৰে আৰু ভাৰতীয় সভ্যতা যে পৃথিৱীৰ পুৰণি সভ্যতাসমূহৰ অন্যতম তাক দোহাৰে। ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে “ভাৰত ৰাষ্ট্ৰ আমাৰ মা। ইয়াৰ নদ-নদী, পৰ্বত-পাহাৰ সকলো জাগ্ৰত বাবেই পুৰণি শাস্ত্ৰসমূহতো ইয়াৰ ঘন উল্লেখ পাওঁ। এই জাগ্ৰত সভ্যতাৰ অংগ হিচাপে ভাৰতবাসী গৌৰৱান্বিত। ১৫ শতিকাতে সমগ্ৰ ভাৰতবৰ্ষ ভ্ৰমণ কৰি শংকৰ গুৰুয়ে ভাৰতৰ সনাতন ধৰ্মৰ সমন্বয়ত অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ১৫ শতিকাতে শংকৰদেৱে ভাৰতৰ সংস্কৃতিত অসমৰ সংস্কৃতিৰ প্ৰতিফলন দেখিছিল। পণ্ডিত বিৰিঞ্চি কুমাৰ বৰুৱাইও এটা প্ৰৱন্ধত লিখিছে যে আজিৰ পৰা ৫ দশক আগতেই শংকৰদেৱে নিজৰ মাতৃভূমিৰ ৰূপত ভাৰতৰ কল্পনা কৰিছিল আৰু ভাৰতত জন্ম লাভ কৰাৰ বাবে গৌৰৱ কৰিছিল।” ইয়াৰ লগতে তেখেতে উল্লেখ কৰে যে অসমতো লোক ঐতিহ্যৰ গুৰুত্ব বাঢ়িছে আৰু কেইবাদশক পূৰ্বেই প্ৰফুল্লদত্ত গোস্বামীৰ দৰে পণ্ডিতে এই সন্দৰ্ভত উল্লেখযোগ্য কাম কৰি গৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ৫০০০ বছৰীয়া সভ্যতাৰ সংযোগত নৱ ভাৰতৰ নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিছে। আদিবাসী সংস্কৃতিৰ উন্নয়নৰ বাবে চৰকাৰে এটা বিভাগৰ পৰিকল্পনা কৰাৰ কথাও তেখেতে উল্লেখ কৰে। ভাষণৰ শেষত তেখেতে মন্তব্য কৰে যে “লোকমন্থনৰ আলোচনাই ভাৰতৰ সংস্কৃতিক চহকী কৰিব। ভাৰত কেৱল ৰাজ্যৰ সমষ্টি নহয়, ই এক জাগ্ৰত ভূ-খণ্ড।    ১৯৪৭ চনত ভাৰতৰ জন্ম হোৱা নাই। ভাৰত এক অনাদি অনন্ত সংস্কৃতি। ভাৰতীয় সংস্কৃতি পূজ্য কিন্তু ভাৰতীয় সভ্যতা-সংস্কৃতি পৰম পূজ্য।” আনহাতে সন্মানীয় অতিথি হিচাপে অনুষ্ঠানৰ শোভা বৰ্ধন কৰে অসম আৰু নাগালেণ্ডৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। তেখেতে নিজা বক্তব্যত উল্লেখ কৰে যে “ভাৰতৰ অঞ্চলে অঞ্চলে লুকাই থকা সংস্কৃতিক বাহিৰলৈ উলিয়াই অনাই লোকমন্থনৰ উদ্দেশ্য। পৃথিৱীৰ বহু প্ৰাচীন প্ৰাচীন সভ্যতাৰ পূৰ্বেই ভাৰতীয় সভ্যতাৰ সৃষ্টি। ইউৰোপীয়ান সভ্যতাৰ বহু পূৰ্বৰ এই সংস্কৃতিয়ে যদিহে নিজা অতীত সন্দৰ্ভত জ্ঞাত নহয় তেন্তে উন্নয়ন অসম্ভৱ। স্বাধীনতাৰ যুঁজত গান্ধীৰ দৰে নেতাসকলৰ ভাৰতীয় সভ্যতাৰ ইতিহাসৰ পুংখানুপুংখ জ্ঞান আছিল বাবেহে এক সুস্থিৰ লক্ষ্যৰে যুঁজিব পাৰিছিল।” ইয়াৰ উপৰিও তেখেতে কয় যে ভাৰতৰ সংস্কৃতিৰ অদ্বিতীয়তা নষ্ট নোহোৱাকৈ এখন শ্ৰেষ্ঠ ভাৰতৰ দৌৰত সকলোৱে ভাগ ল’ব লাগিব। উত্তৰ-পূৰ্বাঞ্চল তথা শংকৰদেৱৰ এই ৰাজ্যৰ ঐতিহ্য-সংস্কৃতি ভাৰতৰ হেৰুৱা ঐতিহ্য ঘূৰাই অনাত সহায়ক হ’ব। প্ৰজ্ঞা প্ৰৱাহৰ ৰাষ্ট্ৰীয় আহ্বায়ক জে নন্দকুমাৰে সাংস্কৃতিক সজাগতা গঢ়ি তোলাত অসমৰ মুখ্যন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা অসীম বুলি উল্লেখ কৰে। তেখেতে লোকমন্থন অনুষ্ঠানটোৰ সৈতে অমৃত মন্থনৰ তুলনা কৰি কয় যে অমৃত মন্থনত নিৰ্গত বিষ জনকল্যাণৰ অৰ্থে শিৱই পান কৰাৰ দৰে এই অনুষ্ঠানৰ উদ্দেশ্যও জনকল্যাণমুখী হোৱা উচিত। ইংৰাজী ফ’ক শব্দটোৰ অৰ্থ ‘লোক’ বুজাবলৈ অতি ঠেক পৰিসৰৰ প্ৰকৃত প্ৰয়োগ নহয় বুলিও নন্দকুমাৰে বক্তব্যত উল্লেখ কৰে। সমগ্ৰ মানৱ জাতিয়েই ‘লোক’ শব্দৰ অন্তৰ্গত বুলি কৈ তেখেতে ফ’ক শব্দই সামাজিক বিভাজন কঢ়িয়াই বুলি কয়। আজিৰ অনুষ্ঠানতে দুখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰা হয়। দুয়োখন গ্ৰন্থ উন্মোচন কৰে উপ ৰাষ্ট্ৰপতি জগদীপ ধানখেৰে। অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্তই দুয়োখন গ্ৰন্থ সন্দৰ্ভত বাখ্যা আগবঢ়ায়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ‘ইন পাৰচুইট অৱ এ ড্ৰীম’ গ্ৰন্থখনত তেখেতে বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত আগবঢ়োৱা ২৫ টা বক্তৃতাৰ সংকলন সন্নিবিষ্ট হৈছে। ড° মহন্তই উল্লেখ কৰে যে অসমক ভাৰতৰ পাঁচখন ৰাজ্যৰ এখন কৰাৰ লক্ষ্যৰে মুখ্যমন্থীয়ে অহৰ্নিশে কাম কৰি গৈছে। স্বামী বিবেকানন্দৰ আৰ্হিৰে অনুপ্ৰাণিত ড° হিমন্ত বিশ্ব শৰ্মাই যুৱ প্ৰজন্মই কৰ্ম কৰাত গুৰুত্ব দিয়ে। আনহাতে ‘লোক পৰম্পৰা’ গ্ৰন্থখনত উত্তৰ-পূবৰ বৈচিত্ৰ্যময় জনগোষ্ঠীসমূহৰ জীৱন প্ৰৱাহ সন্নিৱিষ্ট হৈছে। নিমন্ত্ৰিত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে দত্ৰাতেয় হোজাবেলে, চৰকাৰ্যবাহ, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, মনমোহন বৈদ্য, সহ চৰকাৰ্যবাহ, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু সুনীল আম্বেদকাৰ, অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ। লোকমন্থন অনুষ্ঠান ২০২২ ৰ কাৰ্যকৰী সভাপতি ড° গাৰ্গী শইকীয়া মহন্তই আগবেলাৰ অনুষ্ঠানত কৃতজ্ঞতাৰ শৰাই আগবঢ়ায়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱালোকমন্থন ২০২২ৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত কেইবালানিও আলোচনা অনুষ্ঠিত হয়। আলোচনা সত্ৰৰ আৰম্ভণি হয় মৃদুস্মিতা দাস বৰা আৰু তেওঁৰ দলৰ দ্বাৰা পৰিৱেশিত সত্ৰীয়া নৃত্যৰ দ্বাৰা। আজিৰ আলোচনাৰ বিষয় আছিল  “লোক পৰম্পৰা” “ভাৰতবৰ্ষত বিশ্বাস আৰু বিজ্ঞানৰ লোক পৰম্পৰা” আৰু “ভাৰতবৰ্ষত লোক পৰম্পৰা আৰু বংশতালিকা লিখনৰ গুৰুত্ব”। ‘লোক পৰম্পৰা’ সন্দৰ্ভত পদ্মশ্ৰী কপিল তিৱাৰী, শ্ৰী ধৰ পৰাদকাৰ, “ভাৰতবৰ্ষত বিশ্বাস আৰু বিজ্ঞানৰ লোক পৰম্পৰা” সন্দৰ্ভত ড° অধিৰাজ ৰাজেন্দ্ৰ মিশ্ৰ, সচিদানন্দ যো

শী, নিৰ্জা আনন্দ গুপ্ত আৰু “ভাৰতবৰ্ষত লোক পৰম্পৰা আৰু বংশতালিকা লিখনৰ গুৰুত্ব” সন্দৰ্ভত শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগু, ড° সুখদেৱ ৰাও, ড° ভাৱাৰ সিং ৰাওয়ে বক্তব্য আগবঢ়ায়। আলোচনাৰ পূৰ্বে ‘ঈষান মন্থন’ শীৰ্ষক গ্ৰন্থৰ উন্মোচন কৰা হয়। য’ত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সংস্কৃতি বিষয়ক লেখা অন্তৰ্ভূক্ত হৈছে বুলি উল্লেখ কৰে। আজিৰ সাংস্কৃতিক সন্ধিয়াটিৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান কৰ্ণাটকৰ নৃত্যনাট্য ‘যক্ষগান’ আৰু ‘জ’গটি নৃত্য’ই দৰ্শকসকলক ভিন্ন সোৱাদ দিয়ে। হীৰকজ্যোতি শৰ্মাৰ টোকাৰি গীতৰ অনুষ্ঠান আৰু উত্তৰ-পূবৰ বিভিন্ন লোকনৃত্য যেনে অসমৰ বিহু নৃত্য, বড়োসকলৰ পৰম্পৰাগত শস্য চপোৱা উৎসৱৰ নৃত্য বাৰদৈ-চিখলা, ৰাভাসকলৰ কৃষিভিত্তিক হামজাৰ নৃত্য, কাৰ্বি কৃষি নৃত্য দ’মাহী কিকান, মিচিং জনগোষ্ঠীৰ প্ৰধান কৃষি নৃত্য গুমৰাগ, চাহ জনগোষ্ঠীয় সকলৰ ঝুমুৰ নৃত্য, চিকিমৰ লোকনৃত্য চিংঘী চাম, ত্ৰিপুৰাৰ হুজাগিৰি নৃত্যৰ লগতে মণীপুৰৰ অনবদ্য লোক নৃত্য ঢোল আৰু চলাম উপভোগ কৰি উপস্থিত দৰ্শকসকল আপ্লুত হৈ পৰে। আজিৰ সন্ধিয়াৰ অনুষ্ঠানত সোণত সুৱগা চৰালে নাগালেণ্ডৰ চাৰিভগ্নী টেটছিউ চিষ্টাৰছ দল আৰু অসমৰ জনপ্ৰিয় গায়ক দিক্ষুৰ সংগীতানুষ্ঠানে। লোকমন্থনৰ অধিৱেশনথলীত আয়োজিত লোক

পৰম্পৰা বিষয়ক প্ৰদৰ্শনী, লোক স্থাপত্যৰ সম্ভাৰ, থলুৱা খাদ্য-বস্ত্ৰৰ বিপনীয়ে উপস্থিতসকলক আকৰ্ষণ কৰে। লোকমন্থনৰ ২৩ তাৰিখৰ অনুষ্ঠানতো বহু গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ লগতে কল্পনা পাটোৱাৰীৰ দৰে প্ৰখ্যাত লোকশিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

You might also like