নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ শিল্পী সঞ্জয় চন্দৰ ব্যতিক্ৰমধৰ্মী দুৰ্গা প্ৰতিমা নিৰ্মাণ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : চিৰাং জিলাৰ বাসুগাঁৱৰ ৪নং ৱাৰ্ডৰ বিবেকানন্দ পথৰ নিবাসী উদীয়মান শিল্পী সঞ্জয় চন্দই এই বেলি শাৰদীয় দূৰ্গোৎসৱ উপলক্ষে ভিন্ন আহিলাৰে ভিন্ন ধৰ্মী দেবী দূৰ্গাৰ প্ৰতিমা গঢ়াত নিমগ্ন হৈছে। এই বেলি তেওঁ অসমৰ ভিন্ন প্ৰান্তৰ মুঠ সাত খন পূজা কমিটীৰ অৰ্ডাৰ মৰ্মে সাতটা ভিন্ন মূৰ্তি গঢ়া কামত দিনে নিশাই ব্যস্ত হৈ পৰিছে। কৰোণাকালীন পৰিস্থিতিত যোৱা দুটা বছৰে শিল্পী গৰাকীক কোঙা কৰাৰ বিপৰীতে এই বেলি এক মুকলি পৰিবেশত এক নতুন উদ্যমেৰে দেবীৰ প্ৰতিমা গঢ়াত নিমগ্ন হৈছে। এই বেলি শাৰদীয় দূৰ্গোৎসৱত শিল্পী গৰাকীৰ দ্বাৰা নিৰ্মিত প্ৰতিমাবোৰে ৰাজধানী চহৰ গুৱাহাটীৰ তিনি খন, বৰপেটা, বঙাইগাঁও আৰু কোকৰাঝাৰ পূজা মন্ডপ শোভাবৰ্ধন কৰিব। ইতিপূৰ্বে বিভিন্ন আহিলা সাগৰীয় শংখ,মণিমুকুতা,শীতল পাটি,ময়ূৰৰ পাখি আদি বিভিন্ন আহিলাৰে দেবীৰ মূৰ্তি গঢ়াৰ উপৰিও এই বেলি কলমেৰে নিৰ্মিত দেবী দূৰ্গাৰ প্ৰতিমাই বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ১৯৮২ চনৰ পৰা মুগ দালিৰে দেবীৰ প্ৰতিমা গঢ়াৰ যত্নৰে প্ৰতিবছৰে একক প্ৰচেষ্টাৰে দেবীক নতুন নতুন ৰূপেৰে সজাই তুলিবলৈ অবিৰত এক বিৰামহীন প্ৰচেষ্টাত শিল্পী গৰাকীৰ অন্তৰ্নিহিত প্ৰতিভাক অসমৰ বাহিৰেও পশ্চিম বংগতো প্ৰতিফলিত কৰিছে। শিল্পী গৰাকীৰ এনে অনন্য নিদৰ্শনীয় প্ৰচেষ্টাত স্থানীয় ৰাইজ ভূয়সী প্ৰশংসা কৰে।
প্ৰেৰক ভৃগু মুনি ৰায়

You might also like