নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদুমৰ চিহ্নত টিপিলে দেশৰ সুৰক্ষাত ভোট দিয়া সূচায়

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানে তীব্ৰ ৰূপ ধাৰণ কৰিছে । শুকুৰবাৰে দিল্লীৰ পীতমপুৰা অঞ্চলত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । এই সভাতে তেওঁ কয়- “কা’ৰ বিৰোধ কৰা প্ৰতিজন লোকেই এইটো শুনা দৰকাৰ যে, যেতিয়া আপোনালোকে পদুমৰ চিহ্নত আঙুলি টিপে তেতিয়া কেৱল আপোনাৰ মন প্ৰচন্দৰ প্ৰাৰ্থীজনকেই জিকোৱা নুবুজায় ! আপোনাৰ সেই ভোটতো যায় দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত ।”

গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰচাৰ সভাত উপস্থিত থকা লোকসকলক উদ্দেশ্যি কয় যে-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ ভূমিত গৈ চাৰ্জিকেল ষ্টাইক কৰিছিল । তেওঁৰ নেতৃত্বত বিজেপি দলে সদায়ে কেৱল দেশৰ সেৱা আগবঢ়াই আহিছে । ইফালে দিল্লী চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে তেওঁ জীৱনত দিল্লী চৰকাৰৰ দৰে মিছলীয়া চৰকাৰ দেখা নাই বুলিও মন্তব্য কৰে।

You might also like