নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেনিটেৰী নেপকিনৰ বাবে ২০০ কোটি : ৰাজস্থান চৰকাৰৰ বাজেটত বৃহৎ ঘোষণা

বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ ৰাজস্থানৰ ৰাজ্যিক মন্ত্ৰী মমতা ভূপেশে আজি ২০২২-২৩ বৰ্ষৰ বাজেটত ২০০ কোটি টকাৰ ব্যৱস্থা কৰি মহিলা আৰু ছোৱালীক বিনামূলীয়াকৈ চেনিটেৰী নেপকিন প্ৰদানৰ ব্যৱস্থা কৰিছে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ ৰাজ্যতে ‘মই শক্তি উদন’ আঁচনিখন পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হৈছে। দেশৰ ভিতৰতে এনে আঁচনি বৃহৎ পৰিসৰত ৰূপায়ণ কৰা হৈছে ৰাজস্থানৰ প্ৰথমখন ৰাজ্য বুলিও বিধানসভাত জানিবলৈ দিয়ে। গ্ৰামাঞ্চলৰ মহিলা আৰু ছোৱালীক দিয়া বিনামূলীয়া ছেনিটেৰী নেপকিনৰ আকাৰৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলিও তেওঁ কয়। মমতা ভূপেশে কয় যে এই আঁচনিৰ বাবে ২০২২-২৩ বিত্তীয় বৰ্ষত ২০০ কোটি টকাৰ বাজেটৰ ব্যৱস্থা কৰা হৈছে। ৩৩খন জিলাৰ ৬০,৩৬১টা অংগনৱাড়ী কেন্দ্ৰত ১.১৫ কোটিৰো অধিক হিতাধিকাৰীক আৰু ৰাজ্যৰ ৩৪,১০৪খন চৰকাৰী বিদ্যালয়ৰ ২৬.৪৮ লাখ হিতাধিকাৰীক বিনামূলীয়াকৈ ছেনিটেৰী নেপকিন প্ৰদানৰ বাবে যোগান আদেশ জাৰি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। যোৱা এবছৰত ৰাজস্থান চিকিৎসা সেৱা নিগম লিমিটেডে (আৰ এম এছ চি এল) ৩১খন জিলাৰ ২৬,২২০খন বিদ্যালয়, আৰু ২৩ খন জিলাৰ ৩১,২৫৫ খন অংগনৱাড়ী কেন্দ্ৰক বিনামূলীয়াকৈ ছেনিটেৰী নেপকিন প্ৰদান কৰিছে। এই উদ্দেশ্যে আৰএমএছচিএলে মুঠ ১০৪.৭৮ কোটি ব্যয় কৰিছে।

You might also like