নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহাবিদ্যালয়ত ৰামপ্ৰসাদ চলিহা-ৰঘুৱা তাঁতী স্মাৰক বক্তৃতা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ: অসমীয়া সত্তাৰ বিকাশ : ঐতিহাসিক অৱলোকন শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি প্ৰায় তিনি শতাধিক লোক আৰু ছাত্ৰ ছাত্ৰীক সন্মোহিত কৰি তুলিলে বিশিষ্ট লেখক চিন্তাবিদ তথা নিবন্ধকাৰ ময়ূৰ বৰাই। উজনি অসমৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ স্বৰ্গীয় ৰামপ্ৰসাদ চলিহাৰ স্মৃতিত মহাবিদ্যালয় পৰিয়ালে প্ৰতিবছৰে আয়োজন কৰা স্মাৰক বক্তৃতাৰ চলিত বৰ্ষৰ “অসমীয়া সত্তাৰ বিকাশ: ঐতিহাসিক অৱলোকন” শীৰ্ষক বিষয়ত বক্তব্য ৰাখি বিশিষ্ট চিন্তাবিদ গৰাকীয়ে অসমীয়া সত্তাৰ বিকাশত শংকৰীয় যুগৰ পৰা আধুনিক যুগলৈকে অৰিহণা আগবঢ়াই যোৱা প্ৰতিগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ বিষয়ে প্ৰায় এঘণ্টা সময় তথ্যসমৃদ্ধ বক্তব্য প্ৰদান কৰি সকলোকে সন্মোহিত কৰি তোলে। উল্লেখযোগ্য যে অধ্যাপক ডঃ ধীৰাজ কুমাৰ দাস আৰু ডঃ স্বপ্নালী বৰাই আঁত ধৰা অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয় মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিশিষ্ট শিক্ষাবিদ তুলসী মহন্তই কৰা বন্তি প্ৰজ্জ্বলন, বিশিষ্ট সমাজ সেৱিকা, লেখিকা পূৰ্ণিমা চলিহাই ৰামপ্ৰসাদ চলিহাৰ প্ৰতিচ্ছবিত কৰা বন্তি প্ৰজ্বলন আৰু কাৰ্তিক তাঁতীয়ে ৰঘূৱা তাঁতীৰ প্ৰতিচ্ছবিত কৰা বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীৰে। নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে আদৰণি ভাষণ আগবঢ়োৱা এই অনুষ্ঠানটোতে নাহৰকটীয়া মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন কোষৰ উদ্যোগত আৰু ডঃ জ্যোতিৰেখা গগৈৰ সম্পাদনাত অসমৰ বিভিন্ন ক্ষেত্ৰৰ নাৰীসকলৰ তথ্য সম্বলিত গ্ৰন্থ “উদ্দীপ্তা” আনুষ্ঠানিক ভাৱে তুলসী মহন্তই উন্মোচন কৰাৰ লগতে অসমীয়া বিভাগৰ জোনাকী চৰাৰ উদ্যোগত প্ৰকাশ কৰা হাতে লিখা আলোচনী “এষণা” আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ময়ূৰ বৰাই। লক্ষণীয় যে আজিৰ এই অনুষ্ঠানতে সদ্যঘোষিত স্নাতক চূড়ান্ত ষান্মাষিকৰ পৰীক্ষাত মহাবিদ্যালয় খনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হোৱা আলবেন কিচকুক ৰামপ্ৰসাদ চলিহা দেৱৰ স্মৃতিত তেওঁৰ পত্নী আৰু পৰিয়ালবৰ্গৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা কলম আৰু নগদ ধনেৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মহাবিদ্যালয় ৰ পৰা একেটা পৰীক্ষাত ছাত্ৰী সকলৰ ভিতৰত সৰ্বোচ্চ সৰ্বোচ্চ নম্বৰ লাভ কৰা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ এগৰাকীকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় । প্ৰণিধানযোগ্য যে ইয়াৰ পিছতেই অনুষ্ঠিত দ্বিতীয় সত্ৰত অসমীয়া ভাষা আন্দোলনৰ সহযাত্ৰী তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ প্ৰথম জন চাহ জনগোষ্ঠীয় প্ৰতিনিধি ৰঘুৱা তাঁতীৰ স্মৃতিত আয়োজন কৰা “বিংশ শতিকাৰ ৬০ দশকৰ ভাষা আন্দোলন: ৰঘূৱা তাঁতীৰ অৱদান” শীৰ্ষক বিষয়ত বক্তব্য ৰাখে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহ শিল্পী ত্ৰিদিব মহন্তই, যত তেওঁ ভাষা আন্দোলনৰ সময়ত ৰঘূৱা তাঁতীৰ নেতৃত্বতে অসমৰ সমূহ চাহ জনগোষ্ঠীয়ে তেওঁলোকৰ মাতৃভাষা অসমীয়া বুলি কৈ কিদৰে অসমীয়া ভাষাক জীয়াই ৰাখিবলৈ সক্ষম হৈছিল তাৰ তথ্য দাঙি ধৰে। মনকৰিবলগীয়া যে অধ্যাপক ডঃ অনন্ত বৰুৱাই শলাগৰ শৰাই জ্ঞাপন কৰা আৰু অসমৰ জাতীয় সংগীতেৰে সামৰণি পেলোৱা অনুষ্ঠানটোত বৰগীত, সত্ৰীয়া নৃত্য আৰু ঝুমুৰ নৃত্যও পৰিৱেশন কৰা হয়।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like