নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামৰণি পৰিল শুৱালকুছি মহাবিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱৰ

বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ অসমত বৰ্তমান শিক্ষা আৰু সাংস্কৃতিক বিপ্লৱৰ প্ৰয়োজন ৷ ছাত্ৰ ছাত্ৰী সকলে মহাবিদ্যালয়ত অধ্যয়ন কৰা সময়তে শিক্ষাৰ গভীৰতাত প্ৰৱেশ কৰিব লাগিব ৷ এই সময়তো ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ ছাত্ৰ ছাত্ৰী এই সময়ৰ বয়স সবোতোকৈ সৰ্বশক্তিমান ৷ এই সময়ত সকলো কাম কৰাৰ সম্ভৱনা থাকে ৷ বিশ্বৰ যি সকল বিজ্ঞানী, গৱেষক, আবিষ্কাৰ আদিৰ সৃষ্টি এই বয়সতে আৰম্ভ হৈছিল ৷ এই সময়টো প্ৰতিভা বিকাশৰ বাবে উপযুক্ত সময় ৷ এই মন্তব্য গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথৰ ৷ শুৱালকুছি মহাবিদ্যালয়ত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত মাণ্ডলিক যুৱ মহোৎসৱৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকি পঞ্জীয়ক গৰাকীয়ে পুনৰ কয় যে, ছাত্ৰ ছাত্ৰী সকলে প্ৰতিভা বিকাশৰ এই সময়ছোৱা কেতিয়াও বেয়াৰ ফালে নিব নালাগে ৷ এই সময়ত নিজকে ভাল চিন্তাত বা ভাল কামত আৱদ্ধ কৰি ৰাখিব পাৰিলে তাৰ পৰৱৰ্তী সময়ত নিজকে উপযুক্ত ভাবে গঢ় দিব পৰাৰ সুযোগ থাকে ৷ তেওঁ পুনৰ কয় যে আমি কোনো বস্তুকে ভালদৰে অধ্যয়ণ নকৰো যাৰ বাবে আমাৰ মাজত ভাল বিশ্লেষণ নহয় ৷ সাংস্কৃতিক বিপ্লৱ আৰু শিক্ষাৰ বিপ্লৱ হলে আমি সকলো কথাই ভালদৰে জানিব পাৰিম বা বিশ্লেষণ কৰাৰ সুযোগ লাভ কৰিম ৷ তেওঁ কয় যে শিক্ষাৰ ক্ষেত্ৰত ধৰ্যৰ অতি প্ৰয়োজন ৷ যি সকলে ধৰ্যৰে লাগি থাকি কামত বা অধ্যয়নত ব্ৰতী হৈ থাকে তেওঁলোকে এদিন উপযুক্ত ফলাফল লাভ কৰাটো নিশ্চিত হৈ থাকে ৷ তেওঁ ছাত্ৰ ছাত্ৰী সকলক জীৱনটো ভালদৰে গঢ়ি তুলিবলৈ আহ্বান জনায় ৷ সভাত উপস্থিত থাকি শুৱালকুছি মহাবিদ্যালয়ৰ অধ্যক্ষ ড°দীপেশ চন্দ্ৰ ভাগৱতীয়ে ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক জীৱন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কতো কেতিয়াও আপোচ কৰিব নালাগে বুলি উল্লেখ কৰি কয় যে সংগীত, নাটক, নৃত্য, সাহিত্য আদিৰ লগতে নিজৰ শিক্ষাৰ দিশটো সঠিক ভাবে আগবঢ়াই নিব লাগিব ৷ শিক্ষাই মানুহৰ জীৱনটোক নতুনকৈ গঢ়াৰ সুযোগ দিয়ে ৷ মহাবিদ্যালয়ত অধ্যয়নৰ সময়টোতে ছাত্ৰ ছাত্ৰীৰ সপোন দেখাৰ সময় ৷ জীৱনৰ পৰিক্ৰমা ইয়াৰ পৰাই সৃষ্টি হয় ৷ তেওঁ ছাত্ৰ ছাত্ৰী সকলক একাগ্ৰতা আৰু ধৰ্যৰে অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় এক গাম্ভীৰ্যপূৰ্ণ বক্তব্য দাঙি ধৰে ৷ উপাধ্যক্ষা ড°বন্তি বৰাই সামৰণি অনুস্হানত অংশ লৈ যুৱ মহোৎসৱৰ তিনিটা দিন সংগীত , নৃত্য, নাটক, আদিৰে জীপাল হৈ মহাবিদ্যালয়খনত এক অনন্য পৰিবেশৰ সৃষ্টি হৈছিল ৷ বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলে হিয়া উজাৰি নিজৰ নিজৰ প্ৰতিভা বিকাশৰ বাবে চেস্টা চলাইছিল ৷ তেওঁ প্ৰতিযোগিতাত পুৰস্কাৰ পোৱা সকলকো অভিনন্দন জনায় আৰু নোপোৱা সকলকো ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ কয় যে ইচ্ছা শক্তিয়ে লক্ষ্যত উপনীত কৰায় ৷ অধ্যাপক কুসুম্বৰ বৈশ্যই আতঁ ধৰা অনুষ্ঠানত শিক্ষক গোটৰ সভাপতি ড° যোগেশ ডেকা, সাংস্কৃতিক কৰ্মী তথা মুখ্য বিচাৰক গৌতম কুমাৰ শৰ্মা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে যুৱ মহোৎসৱত সংগীত, নাটক আৰু অভিনয়, নৃত্য, সাহিত্য, সুকুমাৰ কলা প্ৰতিযোগিতাকে ধৰি মুঠ ৩৩টা বিষয়ত প্ৰতিযোগিতা সম্পন্ন হয় ৷

প্ৰেৰক দিলীপ মেধি

You might also like