নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ উত্তৰ প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী মুলায়েম সিং যাদৱৰ শাৰীৰিক অৱস্থা এতিয়াও সংকটজনক অৱস্থাত আছে৷ হাৰিয়ানাৰ গুৰুগ্রামৰ এখন হাস্পতালত আইচিইউত চিকিৎসাধীন হৈ আছে সমাজবাদী পার্টীৰ প্রতিষ্ঠাপকগৰাকী৷ আইচিইউত জীৱনদায়ী ঔষধ প্রদান কৰি থকা হৈছে মুলায়েম সিং যাদৱক৷ গুৰুগ্রামৰ মেদান্ত হাস্পতালৰ সূত্রই সদৰী কৰা অনুসৰি মুলায়েম সিং যাদৱৰ স্বাস্থ্য অপৰিৱর্তিত অৱস্থাত আছে৷ অর্থাৎ এতিয়াও সংকটজনক অৱস্থাত আছে নেতাগৰাকী৷