নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ বালাপাৰাত অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় 

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ বঙাইগাঁৱৰ বইটামাৰী শিক্ষাখণ্ডৰ অধীনস্থ যোগীঘোপাৰ বালাপাৰাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক আজি আনুষ্ঠানিকভাৱে বিদায় জনায়। এই উপলক্ষে বালাপাৰাস্থিত ছেদামাৰী প্ৰাথমিক বিদ্যালয়ত আজি পুৱা এক বিদায়ী সভা অনুষ্ঠিত হয়। বইটামাৰী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মহৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বিদায়ী সম্বৰ্ধনা সভা। ছেদামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নগেন মেধীয়ে আঁতধৰা সভাত বিদ্যালয়খনত কৰ্মৰত শিক্ষক হৰেন কুমাৰ ৰাভাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত আজি আনুষ্ঠানিক ভাৱে বিদায় জনায়। উক্ত সভাত অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন কুমাৰ ৰাভাক এখন মানপত্ৰ, ফুলাম গামোচা, শৰাই, ছাতি, বস্ত্ৰ আদিৰে উষ্মভাবে  সম্বৰ্ধনা জ্ঞাপন কৰে ।উক্ত সভাত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি মুফটি আব্দুল হক, জাহিদুৰ ৰহমান, মৌলনা নুৰ মহাম্মদ আলী চি আৰ চি চি ছাইফুল ইছলামৰ লগতে বিদ্যালয়খনৰ শিক্ষক সকলে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন কুমাৰ ৰাভাৰ কৰ্মৰাজিৰ বিষয়ে ভূয়সী প্ৰশংসা কৰে ।আনহাতে উক্ত সভাত শিক্ষাখণ্ড বিষয়া মহৰ আলীয়ে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি শলাগ লৈ আৱেগিক হৈ পৰে ।শিক্ষক গৰাকীৰ বিদায়ী সভাত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, অভিভাৱক, শিক্ষক, মাতৃ গোট উপস্থিত থাকে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like