কাজিৰঙাৰ ৰাজপথত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত গঁড়
নিয়মীয়া বার্তা, ৮ অক্টোবৰঃ কাজিৰঙাৰ ৰাজপথত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত আজি গুৰুতৰভাৱে আহত হয় এটা গঁড় । কাজিৰঙাৰ হালধী বাৰীৰ ৰাজপথত যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা WB 91 6749 নম্বৰৰ ট্ৰাকখনে ৰাজপথত হঠাৎ ওলাই অহা প্ৰকাণ্ড গঁড়ক সন্মুখৰ পৰা খুন্দিয়াই পলায়ন কৰে। লক্ষ্যণীয় যে, এই শিহৰণকাৰী দুৰ্ঘটনাটোৰ সমগ্ৰ দৃশ্য হালাধিবাৰীত থকা বনবিভাগৰ টাৱাৰ থকা উচ্চ ক্ষমতাসম্পন্ন কেমেৰাত বন্দী হৈছে৷ ইফালে, এই খবৰ লাভ কৰাৰ লগে লগেই হালধিবৰি খণ্ড বন বিষয়াৰ কাৰ্যাল়য়ে বাগৰি আৰক্ষীৰ সহযোগত ট্ৰাকখন বাগৰিত জব্দ কৰিবলৈ সক্ষম হয়। ইপিনে আহত গঁড়টো কিছুপৰৰ পিছত পৰাৰ পৰা উঠি পাছত সমীপৰ অৰণ্যত প্ৰবেশ কৰে। বনবিভাগে চিকিৎসা প্ৰদানৰ বাবে গঁড়টো হাতীৰ সহায়ত অৰণ্যত সন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰা নাই। ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ বিৰুদ্ধে গোলাঘাট জিলা পৰিবহণ বিভাগে চাৰি হাজাৰ আৰু বনবিভাগে পাঁচ হাজাৰ, মুঠ ৯ হাজাৰ টকাৰ জৰিমনা আদায় কৰিছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, কাজিৰঙাৰ ৰাজপথত বাহনসমূহ নিয়ন্ত্ৰিাত গতিবেগত চলোৱাৰ বাবে বনবিভাগৰ লগতে পৰিবহন বিভাগে বাৰম্বাৰ অনুৰোধ জনাই আহিছে জনসাধাৰণক৷ এই সম্পর্কত বিভিন্ন সময়ত সজাগতা সৃষ্টিৰো চেষ্টা কৰি আহিছে বনবিভাগে৷ তাৰ পিছতো একাংশ গুৰু-গোঁসাই নমনা চালকক নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিবহন বিভাগ আৰু বনবিভাগে৷ অতি তীব্ৰ বেগত বাহনসমূহ চালন কৰাৰ ফলস্বৰূপে বিভিন্ন সময়ত বন্যজীৱই প্ৰাণ হেৰুৱাব লগা হৈছে৷ বন্যজন্তুৱে যাতায়াত কৰা ৰাজপথৰ স্থানসমূহত উচ্চ ক্ষমতাসম্পন্ন কেমেৰা সংযোগেৰে বাহনসমূহৰ গতিবিধিৰ ওপৰত বনবিভাগে কঠোৰ দৃষ্টি ৰাখিছে যদিও তাৰ মাজতে এনেদৰে এটা গঁড় আহত হোৱাৰ ঘটনাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
প্ৰেৰক ৰঞ্জিত ৰজক