ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; স্মৃতি ৰোমন্থন কৰি হৈ পৰিল আৱেগিক
নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানে কেন্দ্ৰীয় আয়ুস, জল পৰিৱহণ, বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি স্মৃতি ৰোমন্থন কৰি বেচ আৱেগিক হৈ পৰিল। নিজে অধ্যয়ন কৰি যোৱা ডিব্ৰুগড়ৰ ঐতিহাসিক হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত উপস্থিত হৈ স্মৰণ কৰিলে ছাত্র জীৱনৰ আটাইতকৈ উল্লেখযোগ্য সময়ৰ কথা। উজনিৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ এসময়ৰ জিমিনাষ্টিকৰ সম্পাদক হোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত ষ্ট্ৰং মেনৰ খিতাপ দখল কৰাৰ কথা আজি কানৈ মহাবিদ্যালয়ত সোঁৱৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে।
ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত আজি পুৱাৰ ভাগত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছাত্ৰ-ছাত্ৰীৰ সৈতে কিছুপৰ অন্তৰংগ মত বিনিময় কৰি আবেগিক হৈ পৰিল। নিজে অধ্যায়ন কৰি যোৱা মহাবিদ্যালয়ত উপস্থিত হৈ একপ্ৰকাৰ নষ্টালজিক হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ।মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আগত কৈ গল এটাৰ পাছত এটাকৈ মহাবিদ্যালয়ত অধ্যয়ন কৰি যোৱা দিনবোৰৰ কথা।
উল্লেখ্য যে ৭৫ বছৰত ভৰি দিলে ডিব্ৰুগড় ঐতিহ্যমণ্ডিত উচ্চ শিক্ষা কেন্দ্ৰ কানৈ মহাবিদ্যালয়ে। অতি উলাহ মালহে উদযাপন কৰা হৈছে কানৈ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ সামৰণী অনুষ্ঠান। এই মহাৰজত বৰ্ষৰ সামৰণী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত এক অনুস্থানত আজি কানৈ মহাবিদ্যালয়ত উপস্থিত হয় মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মহাবিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে গায়ন- বায়নে কেন্দ্ৰীয়মন্ত্ৰীজনক আদৰিলে মহাবিদ্যালয়খনৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে।
ইফালে ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী জনে। মত বিনিময় মাজতে এটা এটাকৈ স্মৰণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী জনে মহাবিদ্যালয়ত অধ্যায়ন কৰি যোৱা অতিকৈ স্মৰণীয় দিনবোৰৰ কথা। মহাবিদ্যালয়ৰ খেলপথাৰত ক্ৰিকেট খেলৰ বাবে নিজেই ফিল্ডৰ জাবৰ আঁতৰাই গোবৰ মাটিৰে পিটছ লেপাৰ কথা কবলৈকো নাপাহৰিলে। আজিৰ এই অনুষ্ঠানত কলেজৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াকে প্ৰমুখ্যে সকলো অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীবৃন্দ উপস্থিত থাকে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।