নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : বঙাইগাঁৱৰ যোগীঘোপাৰ মাজেৰ আলগাত ব্ৰহ্মপুত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত নামনি অসম ভিত্তিত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাখন কালি সন্ধিয়া সামৰণি পৰে ।দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত নাও খেল প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ অহা দৰ্শকেৰে লোকাৰণ্য হৈ পৰে ব্ৰহ্মপুত্ৰৰ পাৰ। ব্ৰহ্মপুত্ৰৰ পাৰত অসংখ্য লোকৰ সমাগমে বিৰ দি বাট নোপোৱা এক পৰিৱেশৰ সৃষ্টি হয়।শিশুৰ পৰা পুৰুষ-মহিলা, বৃদ্ধলৈ নাও খেল চাবলৈ আহি ভিৰ কৰা পৰিলক্ষিত হয়। আজাদী কা আমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যোগীঘোপাৰ মাজেৰ আলগাত ৰাইজৰ সহযোগত ১১ আৰু ১২ অক্টোবৰত অনুষ্ঠিত হয় এই নাও খেল প্ৰতিযোগিতাখন। উত্তৰ শালমাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া নিতুমনি দাসে শুভ উদ্বোধন কৰা ব্ৰহ্মপুত্ৰত অনুষ্ঠিত নাও খেল প্ৰতিযোগিতা নত নামনি অসমৰ বিভিন্ন প্ৰান্তৰ ৬খন নাৱে অংশগ্ৰহণ কৰে। নাও খেল প্ৰতিযোগিতাখনত ধুবুৰীৰ পুঠিমাৰীৰ আব্দুল হাই মণ্ডলৰ নাৱে প্ৰথম স্থান দখল কৰাৰ লগতে মাসানেৰ আলগা চৰৰ মজনু আহমেদৰ নাৱে দ্বিতীয় স্থান আৰু যোগীঘোপাৰ দলনীবিল গাঁৱৰ আদম আলীৰ নাৱে তৃতীয় স্থান লাভ কৰে। নাও খেল সমাপ্তিৰ অন্তত কালি সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰতে বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ।খেল পৰিচালনা সমিতিৰ সমিতিৰ সভাপতি জেলহক আলীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰ মুখ্য অতিথি হিচাপে উপস্থিত হৈ বটাঁ প্ৰদান কৰে। উক্ত অনুষ্ঠানতে ‘অভিজ্ঞ মাঝি’ৰ বঁটা প্ৰদান কৰা হয় পুৱ মাজেৰ আলগা গাঁও পঞ্চায়তৰ ঈশ্বৰঝাৰী দ্বিতীয় খণ্ডৰ বাসিন্দা জেলহক আলীক ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস