গোঁসাইগাঁৱত ভাৰতীয় সেনাৰ বাইক দুৰ্ঘটনাত মৃত্যু
নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ: ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উজানপেটলা গাঁৱৰ এজন ভাৰতীয় সেনা যোৱানৰ যোৱা ১২ তাৰিখত বাইক দুৰ্ঘটনাত মৃত্যু হয়। মৃত সেনা যোৱান জন হ’ল শান্ত ৰায়ৰ পুত্ৰ অশোক ৰায় ( ২২)। অশোক ৰায় শাৰদীয় দূৰ্গা পূজাত এখন নতুন এনফিল্ড বুলেট কিনিছিল আৰু সেইখনেদি যোৱা ১২ তাৰিখে কোকৰাঝাৰ সদৰ ভাৰতীয় ষ্টেট বেংক লৈ যোৱাৰ সময়ত তুলসীবিলৰ ওচৰত থকা এটা পেট্ৰল পাম্পৰ কাষতে আন এখন বাইকৰ লগত সংঘৰ্ষ হয়। ফলত অশোক গুৰুত্বৰ ভাবে আহত হয়। স্হানীয় ৰাইজে ততাতৈয়াকৈ ওচৰতে থকা তুলসীবিল চিকিৎসালয়ত চিকিৎসাৰ বাবে নিয়ে যদিও চিকিৎসকে উন্নত মানৰ চিকিৎসাৰ বাবে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কোকৰাঝাৰ চিকিৎসালয় নৌপাওতেই অশোক ৰায় ৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।
গাঁওবাসীয়ে এনে অকাল বিয়োগত ভাঙিপৰা পৰিয়ালৰ কাষত দুই দিনৰে পৰা উপস্থিত থাকে । আজি মৃতদেহ অনাৰ সময়ত তামাৰহাটৰ পৰা বাসভৱনলৈ বিভিন্ন জনে জাতীয় পতাকা হাতত লৈ ভাৰতীয় সেনা জিন্দাবাদ,ভাৰত মাতা কী জয়,বন্দে মাতৰম বুলি শ্লোগানৰ এক সমদল উলিয়াই মৃতকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বাসভৱনত উপস্থিত হোৱাত এক হ্নিদয়বিদাৰক পৰিবেশৰ সৃষ্টি হয়। পিছত বিভিন্ন দল সংগঠনে মৃতকৰ প্ৰতি সন্মান জ্ঞাপন কৰে। আনহাতে সেনাই সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সন্মান জনাই উজানপেটলা শ্মশানত শেষকৃত্য সম্পন্ন কৰে। উল্লেখযোগ্য যে অশোক ৰায় ২০২০ চনৰ ১৭ মাৰ্চত সেনা বাহিনীৰ ২৮১ ফিল্ড ৰেজিমেন্টত যোগদান কৰে। বৰ্তমান হাতীগড় টংলাত কৰ্মৰত ৰায় মৃত্যুৰ সময়ত মাক-দেউতাকৰ লগতে তিনি ভাই ইহ সংসাৰত এৰি থৈ যায়।
দুলাল চন্দ্ৰ সৰকাৰ। তামাৰহাট