নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ হ’ব ই–টিকটৰ ব্যৱস্থা নথকা চিটীবাছৰ চলাচল; পহিলা নৱেম্বৰত বলৱৎ

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ: গুৱাহাটী মহানগৰীত অধিকাংশ লোকৰে যাতায়াতৰ মাধ্যম হৈছে চিটীবাছ সেৱা৷ সম্প্রতি গুৱাহাটী মহানগৰীত ছয় শতাধিক চিটীবাছ চলাচল কৰি আছে৷ শেহতীয়াকৈ পৰিবহণ বিভাগে অতি সংগোপনে চিটীবাছৰ ভাৰাবৃদ্ধিক বৈধতা প্রদান কৰিছে৷ যোৱা ১৪ ছেপ্ঢেম্বৰত পৰিবহণ বিভাগে আৰ টি এ/কে/এফএআৰই/০২/২৭–পি–১১/১৯৭৮ নম্বৰৰ এক অধিসূচনাৰ জৰিয়তে ভাৰাবৃদ্ধিৰ অনুমতি প্রদান কৰিছে৷ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে  এক নির্দেশনাযোগে অহা ১ নৱেম্বৰৰ পৰা চিটীবাছত ই–টিকটিঙৰ ব্যৱস্থা বাধ্যতামূলক কৰিছে৷ পৰিবহণ বিভাগে আৰটিএ/কে/ এফএআৰই/০২/২৭–পিII/ ১৯৭৮ নম্বৰৰ আন এক নির্দেশনাযোগে মহানগৰীত চলাচল কৰা চিটীবাছসমূহত ৩১ অক্টোবৰৰ ভিতৰত ই–টিকটিঙৰ ব্যৱস্থা কৰিবলৈ সময়সীমা বান্ধি দিছে৷ এই নির্ধাৰিত সময়ৰ ভিতৰত ই–টিকটিঙৰ ব্যৱস্থা নকৰা চিটীবাছসমূহ পহিলা নৱেম্বৰৰ পৰা মহানগৰীত চলাচল কৰিব নোৱাৰিব৷

ইতিমধ্যে মহানগৰ জিলা পৰিবহণ বিভাগে পাইলট প্রজেক্ট হিচাপে চিটীবাছত ই–টিকটৰ ব্যৱস্থাৰ পৰীক্ষামূলকভাৱে কাম–কাজ আৰম্ভ কৰিছে৷ এই পাইলট প্রজেক্টৰ অধীনত একাংশ চিটীবাছত ই–টিকটৰ ব্যৱস্থা কৰা হৈছে৷ মহানগৰ জিলা পৰিবহণ বিভাগৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, আজিৰ তাৰিখলৈকে তিনি শতাধিক চিটীবাছত ই–টিকটৰ ব্যৱস্থা কৰা হৈছে৷ এতিয়াও শতাধিক চিটীবাছৰ মালিকে ই–টিকটৰ ব্যৱস্থা কৰাৰ বাবে আগবাঢ়ি অহা নাই৷ সেয়েহে অহা ৩১ অক্টোবৰৰ ভিতৰত চিটীবাছৰ মালিকসকলক ই–টিকটৰ ব্যৱস্থা সম্পূর্ণ কৰিবলৈ মহানগৰ জিলা পৰিবহণ বিভাগে আহ্বান জনাইছে৷ অন্যথা পহিলা নৱেম্বৰৰ পৰা ই–টিকটৰ ব্যৱস্থা নথকা চিটীবাছক মহানগৰীত চলাচলৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ যেতিয়ালৈকে ই–টিকটৰ ব্যৱস্থা চিটীবাছত উপলব্ধ নহ’ব, তেতিয়ালৈকে মহানগৰীৰ ৰাজপথত চিটীবাছসমূহ চলাচল কৰিব নোৱাৰিব৷

লক্ষণীয় যে মহানগৰীত সুচল যাতায়াত ব্যৱস্থা ৰাইজক প্রদান কৰিবলৈ বিভিন্ন সময়ত পৰিবহণ বিভাগে পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ কিন্তু চমক সৃষ্টিৰ বাবে লোৱা এই পদক্ষেপ মাত্র কেইদিনমানৰ পাছতে অচল মুদ্রাত পৰিণত হোৱা দেখা গৈছে৷ সেয়েহে আজি পৰিবহণ বিভাগে পহিলা নৱেম্বৰৰ পৰা ই–টিকটৰ ব্যৱস্থা নথকা চিটীবাছৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে যদিও কার্যক্ষেত্রত সেয়া কিমান ফলপ্রসূ হয়, সেয়া সময়তহে লক্ষণীয় হ’ব৷

You might also like