নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: ৰঙিয়াত আজি এজন ৰেল বিষয়াক উৎকোচ লোৱাৰ সময়তে চিবিআয়ে হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। উৎকোচ লোৱা বিষয়াজন হৈছে ৰঙিয়া ৰেল সংমণ্ডলৰ অধীনস্থ শ্ৰম কল্যাণ বিভাগৰ পৰিদৰ্শক ৰবীন দাস। অভিযুক্ত দাসে অনুকম্পামূলক চাকৰিৰ বাবে এগৰাকী যুৱতীৰ পৰা মেডিকেল ৰিপ’ৰ্টৰ নামত দাবী কৰিছিল ২০,০০০ টকা। চাংমাই উপাধিৰ যুৱতীগৰাকীৰ পিতৃ ৰঙিয়া ৰেল সংমণ্ডলৰ অন্তৰ্গত ৰেলৱে পলিক্লিনিক হস্পিতলৰ এগৰাকী কৰ্মচাৰী আছিল। কেইমাহমান পূৰ্বে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। ইয়াৰ পিছত বিভাগীয় নিয়ম অনুসৰি মৃত ৰেল কৰ্মচাৰীজনৰ জীয়ৰীয়ে অনুকম্পামূলক চাকৰিৰ বাবে বিভাগটোত আবেদন কৰিছিল। এনে সময়তে সংশ্লিষ্ট বিভাগৰ বিষয়া ৰবিন দাসে চাকৰিৰ বাবে প্ৰয়োজনীয় মেডিকেল ৰিপ’ৰ্টৰ নামত ২০ হাজাৰ টকা দাবী কৰিছিল। ইয়াৰ উপৰি চাকৰিটোৰ নামতো বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল। এই সন্দৰ্ভত অভিযোগ লাভ কৰাত চিবিআইৰ এটা দলে আজি এক গোপন সূত্ৰৰ ভিত্তিত ৰঙিয়াস্থিত কাৰ্যালয়টোত উক্ত উৎকোচৰ ধন লৈ থকা মুহূৰ্তত ৰেল বিষয়া ৰবিন দাসক আটক কৰে। কাৰ্যালয়টোত সুদীৰ্ঘ ১১ ঘন্টা জেৰাৰ অন্তত চিবিআইৰ দলটোৱে অভিযুক্ত দাসক আটক কৰি গুৱাহাটীলৈ নিয়ে । ইফালে ধৃত দাসৰ হাজোৰ বাসগৃহতো চিবিআয়ে তালাচী চলায় । পৰিয়ালৰ লোককো আৰক্ষীয়ে জেৰা কৰা বুলি জানিব পৰা গৈছে ।
প্ৰেৰক ফাৰুক হুছেইন