নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ ধুবুৰীৰ গৌৰীপুৰৰ সমীপৰ আশাৰীকান্দি অঞ্চলত অভিযান চলাই আৰক্ষীয়ে জুৱা খেলৰ সা–সৰঞ্জাম উদ্ধাৰ কৰাৰ সমান্তৰালকৈ ১১জন জুৱাৰীক কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে। গৌৰীপুৰ থানাৰ আৰক্ষীৰ এটি দলে জুৱাবিৰোধী সেই অভিযান চলোৱা অভিযানত নগদ ৬.৬৬০ টকা উদ্ধাৰ হোৱা বুলিও প্ৰকাশ। উল্লেখ্য যে আগন্তুক কালী পূজাৰ গইনা লৈ ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত তাচপাতৰ বিভিন্ন ধৰণৰ জুৱাৰ আড্ডা আৰম্ভ হোৱা বুলিও ৰাইজৰ মুখে মুখে উচ্চাৰিত হ’বলৈ লোৱাও পোৱা গৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী