নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ বজালী জিলাৰ আৰক্ষীয়ে আজি সন্ধিয়া গোপন সুত্ৰৰ পম খেদি এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে বজালীৰ ডুমুৰীয়াত ২৭ নং ৰাষ্টীয় ঘাইপথত তালাচী চলাই AS 01DH 9188 নম্বৰৰ মাৰুতী ৱাগনাৰ এখনৰ পৰা বৃহৎ পৰিমাণ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে ড্ৰাগছ খিনি সৰবৰাহ কৰা দুজন যুৱককো আটক কৰে৷ ড্ৰাগসহ আটক কৰা যুৱক দুজনৰ পৰা প্ৰায় ২০০০ টা নিচাজাতীয় টেবলেট আৰু ১৯ টা কন্টেনাৰৰ লগতে দুটা মোবাইল ফোন জব্দ কৰে বুলি বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ আৰক্ষীৰ জেৰাত আটক কৰা যুৱক দুজনে নিজকে ক্ৰমে পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাৰ বাৰা নাচিনাৰ নিৱাসী প্ৰয়াত ছোহেইল খন্দকাৰৰ পুত্ৰ জুয়েল ৰহমান (২২) আৰু বজালী জিলাৰ ৰাজাখাত নিবাসী মজিত আলিৰ পুত্ৰ ৰহমান আলি (২৮) বুলি স্বীকাৰ কৰে৷ আৰক্ষীয়ে দুয়োজনকে আটক কৰি বাতৰি লিখা সময়লৈকে জেৰা অব্যাহত ৰাখিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like