নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতৰ সমূহীয়া কাতিবিহুত কৃষিমন্ত্ৰী অতুল বৰা; নেগেৰা বজাই হৰিনাম পৰিৱেশন কৃষিমন্ত্ৰীগৰাকীৰ

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: অসমৰ জাতীয় উৎসৱসমূহে অসমবাসীক একতাৰ দুলেৰে বান্ধি ৰাখিছে। জাতীয় উৎসৱসমূহ বিশৃংখল আৰু বিকৃতৰ পৰা দূৰত ৰাখি পৰম্পৰাগত ভাৱে পালন কৰিলেহে অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠা হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি আকাশ বন্তি জ্বলাই ঐতিহাসিক মহুৰা দিহিঙীয়া পথাৰত আয়োজিত সমূহীয়া কাতিবিহু উদযাপন কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্ক দৰ্শনত ৰাজ্যৰ প্ৰতিখন কৃষি কাৰ্যালয়ৰ দৰে বোকাখাত মহকুমা কৃষি কাৰ্যালয়ৰ উদ্যোগত ঐতিহাসিক মহুৰা পথাৰত মঙলবাৰে বোকাখাতবাসীয়ে সমূহীয়াকৈ উদযাপন কৰিলে অসমীয়া জাতীয় জীৱনৰ হেপাঁহৰ উৎসৱ কাতি বিহু। কৃষি মন্ত্ৰী বৰাই আকাশ বন্তি জ্বলাই অনুষ্ঠান মুকলি কৰাৰ পাছতেই ৫ সহস্ৰাধিক আকাশ বন্তিৰে উজ্জ্বলি উঠিল বিশাল মহুৰা দিহিঙীয়া পথাৰৰ সেউজীয়া ধাননি।

নেগেৰা বাদন, আই সকলে পৰিৱেশন কৰা দিহা নাম আৰু ভকত বৈষ্ণৱসকলে পৰিৱেশন কৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হ’ল মহুৰা পথাৰ। চহা কৃষকৰ সকলো অপায়-অমংগল আৰু হেঁপাহৰ ভঁৰাল সমৃদ্ধিশালীৰ কামনাৰে আকাশ বন্তি প্ৰজ্জ্বলন কৰি কৃষিমন্ত্ৰী অতুল বৰাই কয় যে গ্ৰামাঞ্চলৰ অৰ্থনীতি বুনিয়াদ বিকাশৰ অবিহনে ৰাজ্যৰ আৰ্থিক অৱস্থা টনকিয়ালৰ কোঠা চিন্তা কৰিব নোৱাৰি। সেয়ে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ যি সপোন সেই সপোন অসমত বাস্তৱায়িত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ শৰ্মাই আহোপুৰুষাৰ্থ কৰাৰ লগতে ৰাজ্য চৰকাৰো বদ্ধ পৰিসৰ বুলিও মন্তব্য কৰে কৃষি মন্ত্ৰী বৰাই। ইপিনে পথাৰৰ মাজত বহি নিজে নেগেৰা বজাই হৰিনাম গোৱাৰ লগতে ৰাজৰ উত্সাহ দেখি অভিভূত হৈ পৰে কৃষি মন্ত্ৰী অতুল বৰাই। অনুষ্ঠানত উপস্থিত থাকি কৃষি মন্ত্ৰীক সংগ দিয়ে দেৰগাঁৱৰ বিধায়ক ভবেন ভৰালী, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, কৃষক সমাজ, স্থানীয় ৰাইজ।

You might also like