নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকাৰ শ্বেহান কৰুণাতিলকালৈ বুকাৰ বঁটা–২০২২

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: শ্রীলংকাৰ প্রসিদ্ধ লেখক শ্বেহান কৰুণাতিলকাক সন্মানীয় বুকাৰ বঁটা–২০২২ৰে বিভূষিত কৰা হৈছে৷ যোৱানিশা লণ্ডনত এক বর্ণাঢ়্য কার্যসূচীত কুইন কনচ’ট কেমিলাৰ হাতৰ পৰা সন্মানীয় বুকাৰ বঁটা গ্রহণ কৰে শ্রীলংকাৰ লেখক শ্বেহান কৰুণাতিলকাই৷ শ্রীলংকাৰ যুদ্ধবিধ্বস্ত পৰিস্থিতিক লৈ অলৌকিক ব্যংগাত্মক উপন্যাস ‘দ্য ছেভেন মুনছ অৱ মালি আলমেইডা’ৰ বাবে লেখক কৰুণাতিলকাক ২০২২ বর্ষৰ বুকাৰ বঁটাৰে সন্মানিত কৰে৷ বঁটা ঘোষণা কৰি বিচাৰকমণ্ডলীৰ অধ্যক্ষ নীল মেকগ্রেগৰে কয় যে লেখকগৰাকীৰ উপন্যাসখনত পাঠকে জীৱন আৰু মৃত্যুৰ অধিকাৰ সন্দর্ভত এখন অনন্য বিশ্বৰ প্রতিচ্ছবি দেখিবলৈ পাইছে৷ আনন্দ, আশ্চর্য, উত্তেজনা, প্রেম আৰু নিষ্ঠা উপন্যাসখনত বলিষ্ঠ ৰূপত প্রতিফলিত হৈছে৷ যুদ্ধত মৃত্যু ঘটা আলোকচিত্র শিল্পী এগৰাকীয়ে মৃত্যুৰ পাছত জীৱন বিচাৰি ফুৰা এক অলৌকিক ব্যংগাত্মক চিত্র উপন্যাসখনৰ পৃষ্ঠাই পৃষ্ঠাই হূদয়স্পর্শী বর্ণিত হৈছে৷ বঁটাৰ বাবে ৬খনকৈ উপন্যাস চুটি তালিকাত সন্নিৱিষ্ট হোৱাৰ পাছত যোৱানিশা শ্রীলংকাৰ লেখকগৰাকীয়ে বঁটাটোৰ বাবে সন্মানিত হোৱাক লৈ উৎফুল্লিত হোৱাই নহয়, বঁটা গ্রহণ কৰি লেখকগৰাকীয়ে শ্রীলংকাবাসীলৈ বঁটাটি অর্পণ কৰিছে৷ পপ তাৰকা ডুৱা লিপা তাৰকা অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটিত কুইন কনছ’ট কেমিলাৰ পৰা বঁটাটি লৈ লেখক তিলকাৰত্নাই নিজকে সন্মানিত আৰু গৌৰৱান্বিত হোৱা বুলি ব্যক্ত কৰে৷ শ্রীলংকাৰ লেখক তিলকাৰত্নাই ২০২২ বর্ষৰ বুকাৰ বঁটা লাভ কৰাৰ পূর্বে চলিত বর্ষৰ আন্তর্জাতিক বুকাৰ বঁটা ভাৰতীয় লেখিকা গীতাঞ্জলী শ্রীয়ে লাভ কৰিছিল৷ উল্লেখ্য যে শ্রীলংকাৰ দক্ষিণ প্রান্তৰ গালেত ১৯৭৫ চনত জন্মলাভ কৰা শ্বেহান কৰুণাতিলকাই কলম্বোত ডাঙৰ দীঘল হৈ পাছলৈ নিউজিলেণ্ডত শিক্ষা সম্পূর্ণ কৰে৷ লণ্ডন, আমষ্টাৰডাম আৰু ছিংগাপুৰত কর্ম জীৱন কটোৱা লেখক কৰুণা তিলকাই প্রথমে কর্ম জীৱন হিচাপে বিজ্ঞাপন কোম্পানীত কাম কৰিছিল৷ সেই সময়ত লেখকগৰাকীয়ে দ্য গার্জিয়ান, নিউজ উইক, ৰ’লিংষ্টন, জি কিউ, নেচনেল জিয়োগ্রাফিক, কণ্ডে নেষ্ট, উইজডেন, দ্য ক্রিকেটাৰ আৰু দ্য ইক’নমিক টাইমছত প্রবন্ধ–পাতি লিখা–মেলা কৰিছিল৷ শ্রীলংকাৰ ৰকবেণ্ড ইণ্ডিপেণ্ডেণ্ট স্কোৱাৰ আৰু পাৱাৰকাট চার্কাছ, ব্রাছ মাংকী বেণ্ডত লেখকগৰাকীয়ে বেছ বজাইছিল৷ লেখকগৰাকীৰ প্রথম পাণ্ডুলিপি গ্রেটিয়ান বঁটা–২০০০ৰ বাবে চুটি তালিকাত সন্নিৱিষ্ট হৈছিল যদিও বঁটা নোপোৱাত এইখন প্রকাশিত নহ’ল৷ তেওঁৰ প্রথম প্রকাশিত উপন্যাস হ’ল চিনামেন ঃ দ্য লিজেণ্ড অৱ প্রদিপ মেথি’৷ গ্রন্থখনত শ্রীলংকাৰ ক্রিকেট ইতিহাস বর্ণনা কৰা হৈছিল৷ এই উপন্যাসখনৰেই পৰিচিত হৈ পৰা কৰুণাতিলকাই ২০১৯ চনত শিশুগ্রন্থ প্লীজ দুন’ট পুত ডেট ইয়ৰ মাউথ, ২০২০ চনত উপন্যাস ছাটছ উইথ দ্য ডেথ আৰু ২০২২ চনত দ্য ছেভেন মুনছ অৱ মালি আলমেইডা প্রকাশ কৰে৷ এই ছেভেন মুনছ অৱ মালি আলমেইডাৰ বাবেই লেখক শ্বেহান কৰুণাতিলকাই সন্মানীয় বুকাৰ বঁটা লাভ কৰিছে৷ বুকাৰ বঁটাৰ পূর্বে লেখকগৰাকীয়ে চিনামেনৰ বাবে কেইবাটাও বঁটা লাভ কৰিছে৷ লেখকগৰাকীয়ে প্রকাশ কৰা মতে, তেওঁৰ পৰৱর্তী উপন্যাসখন হ’ব তেওঁৰ জীৱনজোৰা হেপাহৰ ‘ৰক বেণ্ড দ্য পুলিচ’৷

You might also like