২৪ নৱেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত হ’ব লাচিত দিৱস
- আয়োজনৰ বুজ ল’লে মুখ্যমন্ত্রী ড০ শর্মাই
- ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালকো সাক্ষাৎ মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: অহা ২৪ নৱেম্বৰত বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্ম জয়ন্তী উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব লাচিত দিৱস৷ ৰাজ্য চৰকাৰৰ উদ্যোগত নতুন দিল্লীত আয়োজন কৰা এই লাচিত দিৱসৰ কার্যসূচীত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকো ইতিমধ্যে অসম চৰকাৰে আমন্ত্রণ কৰিছে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত উপস্থিত হৈ বিজ্ঞান ভৱনলৈ গৈ কিদৰে এই কার্যসূচী পালন কৰিব, সেই বিষয়ে বুজ লয়৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ সিন্হা, অসম ভৱনৰ প্রধান আৱাসিক আয়ুক্ত ৰাজীৱ যোশী, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত–সচিব দিগন্ত বৰা, ৰাঘৱেন্দ্র সিং আদি উপস্থিত থাকে৷ মুখ্যমন্ত্রী ড০ শর্মাই বিজ্ঞান ভৱনৰ বিভিন্ন হল আৰু মুকলি অংশ পৰিদর্শন কৰি কোন স্থানত প্রদর্শনী আৰু অন্যান্য কার্যসূচীসমূহ আয়োজন কৰিব, তাৰ বুজ লয়৷
উল্লেখ্য যে অসম চৰকাৰে বছৰজোৰা কার্যসূচীৰে বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্ম জয়ন্তীৰ আয়োজন কৰিছে৷ যোৱা বছৰ ২৫ ফেব্রুৱাৰীত সেই সময়ৰ দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে শংকৰদেৱ কলাক্ষেত্রত উক্ত বছৰজোৰা কার্যসূচীৰ শুভাৰম্ভ কৰিছিল৷ ইপিনে, নতুন দিল্লীত মুখ্যমন্ত্রী ড০ শর্মাই ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক তেওঁৰ বাসগৃহলৈ গৈ সাক্ষাৎ কৰে৷ আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই আমেৰিকাত থকা ভাৰতীয় সংগঠনৰ প্রতিনিধি দল এটাৰ সৈতেও এক মত বিনিময় অনুষ্ঠানত মিলিত হয়৷