নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচিচিআইত দেৱজিৎ শইকীয়াই স্থান পোৱাটো আমাৰ বাবে গৌৰৱৰ কথাঃ মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ:  বিশিষ্ট ক্রীড়া সংগঠক, প্রাক্তন ৰঞ্জি ক্রিকেটাৰ, এডভকেট জেনেৰেল দেৱজিৎ শইকীয়াই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড (বিচিচিআই)ৰ সন্মানজনক যুটীয়া সম্পাদকৰ গুৰু দায়িত্ব লাভ কৰিছে৷  মুম্বাইত অনুষ্ঠিত ব’ডৰ বার্ষিক সাধাৰণ সভাত যুটীয়া সম্পাদক ৰূপে ঘোষণা কৰা হয় অসম ক্রিকেট সন্থাৰ সম্পাদক ৰূপে কার্যনির্বাহ কৰি থকা দেৱজিৎ শইকীয়াৰ নাম৷ গুৱাহাটী টাউন ক্লাবৰো সম্পাদকৰ দায়িত্বত থকা শইকীয়াই যুটীয়া সম্পাদক পদৰ বাবে মনোনয়ন পত্র জমা দিছিল৷ অৱশেষত তেওঁ বিনাপ্রতিদ্বন্দ্বিতাৰে এই পদলৈ নির্বাচিত হয়৷

উল্লেখ্য যে ২০১৯ চনৰ পৰাই শইকীয়াই অসম ক্রিকেট সন্থাৰ সম্পাদক পদত অধিষ্ঠিত হৈ আহিছে৷ মন কৰিবলগীয়া যে শেহতীয়াভাৱে লোধা কমিটীৰ পৰামর্শ আৰু উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি ভাৰতীয় ক্রিকেট ব’ডৰ বিষয়ববীয়াৰ সংখ্যা যথেষ্ঠ হ্রাস কৰা হৈছে৷ ইয়াৰ আগতে বিচিচিআইৰ কেইবাখনো উপ–সমিতি আছিল আৰু সেইবোৰ সমিতিত দেশৰ বিভিন্ন ৰাজ্যিক সংস্থাৰ পৰা প্রতিনিধিত্ব কৰাৰ সুযোগ আছিল৷ কিন্তু এতিয়া ক্রিকেট ব’ডত সন্নিৱিষ্ট কৰা হৈছে মাত্র পাঁচগৰাকী কর্মকর্তাক৷

সেই অনুসৰি প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ স্থানত ব’ডৰ সভাপতি পদত স্থলাভিষিক্ত হৈছে ’৮৩ৰ বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য ৰজাৰ বিন্নী৷ তেওঁৰ লগত সম্পাদক পদ অক্ষুণ্ণ ৰাখিছে গৃহমন্ত্রী অমিত শ্বাহৰ পুত্র জয় শ্বাহে৷ ২০১৯ৰ পৰাই এই দায়িত্বত আছে শ্বাহ৷

ইপিনে, ইমানদিনে ব’ডৰ কোষাধ্যক্ষ আছিল অৰুণ ধুমাল৷ এইবাৰ তেওঁৰ স্থান ল’লে মহাৰাষ্ট্রৰ বিজেপি বিধায়ক আশিস শেলাৰে৷ কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰৰ ভ্রাতৃ ধুমালক আইপিএলৰ অধ্যক্ষ ৰূপে নির্বাচিত কৰা হৈছে৷ আনহাতে, নতুন সভাপতিৰ দায়িত্ব লাভ কৰিছে কংগ্রেছ নেতা ৰাজীৱ শুক্লাই৷ এনে সীমিতসংখ্যক কর্মকর্তাৰ মাজতে নিজৰ সাংগঠনিক তৎপৰতা তথা কার্যদক্ষতাৰ বাবে দেৱজিৎ শইকীয়া বিশ্বৰ আটাইতকৈ ধনী সংগঠনটোৰ যুটীয়া সম্পাদকৰ বাবে নির্বাচিত হৈছে৷ শইকীয়াৰ এনে সাফল্যই স্বাভাৱিকতে অসম ক্রিকেট সন্থাৰ লগতে ৰাজ্যৰ ক্রিকেট অনুৰাগীসকলক উৎফুল্লিত কৰি তুলিছে৷

অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো দেৱজিৎ শইকীয়াই ভাৰতীয় ক্রিকেট ব’ডৰ যুটীয়া সম্পাদক ৰূপে নির্বাচিত হোৱাত সন্তুষ্টি প্রকাশ কৰিছে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে কয়– ভাৰতীয় ক্রিকেট ব’ডৰ নিচিনা এটা সংগঠনৰ যুটীয়া সম্পাদক পদত অধিষ্ঠিত হোৱাটো গুৰুত্বপূর্ণ কথা৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশনাৰ পূর্বে ব’ডৰ বিষয়ববীয়া ৰূপে যথেষ্ঠসংখ্যক সুযোগ পাইছিল বুলি উল্লেখ কৰি ড০ শর্মাই কয় যে এতিয়া সমগ্র দেশৰ প্রতিনিধিৰ বাবে মাত্র পাঁচখন আসন থাকে৷ এই পাঁচখন আসনৰ এখনত অসমৰ পৰা যুটীয়া সম্পাদক হ’ব পৰাটো আমাৰ বাবে গৌৰৱৰ বিষয় বুলিও কয় মুখ্যমন্ত্রীগৰাকীয়ে৷

You might also like