নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূবত জনগোষ্ঠীয় লোকৰ সংঘত যোগদানৰ আগ্ৰহ বাঢ়িছে : দত্তাত্ৰেয় হোছাবালে

বিশেষ বাৰ্তা, ১৯ অক্টোবৰঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোছাবলে আজি প্ৰয়াগৰাজত এখন সংবাদ মেলত কয় যে দেশত জনসংখ্যা বিস্ফোৰণ এক চিন্তাৰ বিষয়। গতিকে এই বিষয়ত আমি সকলোৱে একেলগে চিন্তা কৰিব লাগিব। তেওঁ কয় যে জনসংখ্যা নীতি দেশৰ সকলোৰে বাবে প্ৰযোজ্য কৰি তুলিব লাগে। হিন্দুসকলৰ মাজত চলি থকা ধৰ্মান্তৰকৰণৰ বাবে তেওঁলোকৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। হোছাবালে কয় যে দেশৰ বহু ঠাইত হিন্দু ধৰ্মান্তৰিত কৰাৰ ষড়যন্ত্ৰ চলি আছে। ইয়াৰ উপৰি সীমান্তৱৰ্তী একাংশ অঞ্চলতো অনুপ্ৰৱেশৰ গোচৰ আহি আছে। তেওঁ কয় যে জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ বাবে বহু দেশত বিভাজন ঘটিছে। জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ বাবেও ভাৰত বিভাজন ঘটিছে। সংঘৰ সৰকাৰ্যবাহগৰাকীয়ে কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ জনজাতীয় জনগোষ্ঠীৰ মাজত আত্মসন্মান জাগ্ৰত হোৱাৰ বাবেই “মই এজন হিন্দু” অনুভূতিও গঢ় লৈ উঠিছে। ইয়াৰ বাহিৰেও তেওঁ কয় যে “ঘৰ ৱাপছিয়ে” ভাল ফলাফল দেখুৱাইছে। জনজাতীয় জনগোষ্ঠীসমূহেও যোগদান কৰিছে। তেওঁ কয় যে আত্মসন্মানৰ জাগৰণৰ বাবেই এতিয়া উত্তৰ-পূবৰ ৰাজ্যসমূহৰ জনজাতীয় জনগোষ্ঠীৰ লোকসকলেও সংঘত যোগদান কৰিব বিচাৰিছে৷ তেওঁ কয় যে মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ জনজাতীয় জনগোষ্ঠীৰ জনসাধাৰণেও এই আৱেগেৰে সংঘৰ সৰসংঘচালকক নিজৰ স্থানলৈ নিমন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰয়াগৰাজত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চাৰিদিনীয়া নিখিল ভাৰত কাৰ্যনিৰ্বাহক সভাৰ অন্তিম দিনা দত্তাত্ৰেয় হোছাবলে সাংবাদিকৰ আগত কয় যে সংঘই প্ৰতিষ্ঠাৰ শতবৰ্ষত বহু দিশত ক্ষিপ্ৰতাৰে কাম কৰি আছে। আনকি কৰ’নাৰ কঠিন সময়তো সংঘই নিজৰ কাম-কাজ অতি শক্তিশালীভাৱে আগুৱাই লৈ গৈছে৷ ইয়াৰ পূৰ্বে ১৬ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ প্ৰয়াগৰাজত অনুষ্ঠিত সংঘৰ সৰ্বভাৰতীয় কাৰ্যনিৰ্বাহক মণ্ডলীৰ বৈঠকতো আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত উপস্থিত আছিল। হোছবালে কয় যে ২০২৫ চনত সংঘই শতবৰ্ষ উদযাপন কৰিবলৈ ওলাইছে। ইয়াৰ বাবে ২০২৪ চনৰ শেষৰ ফালে দেশৰ সকলো বিভাগতে সংঘৰ শাখাত উপনীত হোৱাৰ পৰিকল্পনা কৰা হৈছে। ২০১০-১১ চনত আৰম্ভ হোৱা ‘আৰ এছ এছৰ যোগদান প্লেটফৰ্ম’ৰ অধীনত স্বেচ্ছাই সংঘত যোগদান কৰা লোকৰ সংখ্যা এতিয়া ১ লাখ ৩০ হাজাৰ হ’ল বুলিও তেওঁ কয়৷

You might also like