নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ‘কবিতাৰ প্ৰেমে একটি মেয়ে’ আৰু ‘কবিতা মানে কি’ উন্মোচন 

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ:  অসমীয়া সাহিত্য সন্মিলনী নগাঁও জিলাৰ উদ্যোগত আজি এক গাম্ভিৰ্যপুৰ্ণ পৰিবেশত দুখনকৈ কাব্য গ্ৰন্থ উন্মোচন কৰা হয় । নগাঁও জিলা পেঞ্চনাৰ ভৱনত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক
ডা° ঋষেশ্বৰ ঠেঙাল শইকীয়াৰ ‘কবিতাৰ প্ৰেমত এজনী ছোৱালী’ কাব্য গ্ৰন্থ খনিৰ কবি অশুতোশ বিশ্বাসে কৰা বাংলা অনুবাদ ‘কবিতাৰ প্ৰেমে একটি মেয়ে’ কাব্য গ্ৰন্থ খন উন্মোচন কৰে অসমৰ বৰেণ্য কবি ডা° প্ৰয়াগ শইকীয়াই । কাব্য গ্ৰন্থ খন উন্মোচন কৰি কবি প্ৰয়াগ শইকীয়াই কয় ‘শব্দই পৃথিৱী ভ্ৰমণ কৰিব পাৰে আৰু এগৰাকী অনুবাদকে এই যাত্ৰাত ছালকৰ ভূমিকা গ্ৰহণ কৰে । বঙালী সাহিত্যৰ যি দৰে অনুবাদ হৈছে ,কিন্তু অসমীয়া সাহিত্যৰ অনুবাদ তেনেই কম । এই ক্ষেত্ৰত সাহিত্য ক্ষেত্ৰ খনৰ লগত জড়িত সকলৰ কিছু কৰণীয় আছে । এটা ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অনুবাদ সাহিত্যই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । একেটা অনুষ্ঠানতে কবি অনিমা বৰাৰ কাব্য গ্ৰন্থ ‘কবিতা মানে কি’ উন্মোচন কৰে বিশিষ্ট কবি ডা°বিজুজ জাহান চালেহা বেগমে ।

অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক সচিব ড° দিলীপ বৰা । অনুষ্ঠানত নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীয় মাহেকীয়া ক্ষুদ্ৰ আলোচনী ‘মাহিলী’ উন্মোচন কৰি অধ্যাপক ড° দিলীপ বৰাই কয় অসমীয়া ভাষাটো উদ্ধাৰ আৰু প্ৰতিষ্ঠাৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনেকে লৈ বহু জনে এক দীঘলীয়া সংগ্ৰাম কৰিছিল । এক দীঘলীয়া সংগ্ৰামৰ অন্তত ভাষাটোৱে প্ৰতিষ্ঠা লাভ কৰিলে যদিও শেহতীয়াকৈ আমাৰ চেনেহী ভাষাটোক জীয়াই ৰখাৰ ক্ষেত্ৰত কিছু হতাশ জনক খবৰ আহিবলৈ ধৰিছে । এদিন বৃটিছ আৰু বঙালী জাতীয়তাবাদৰ বিৰুদ্ধে সংগ্ৰাম কৰি অসমীয়া ভাষাটোক উদ্ধাৰ কৰা হৈছিল । কিন্তু সেই প্ৰত্যাহ্বান এতিয়া নাই যদিও তাতোকৈ ডাঙৰ প্ৰত্যাহ্বান আহিছে আমাৰ নিজৰ মাজৰ পৰা ।

ভাষাটোৰ প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত আমাৰ সকলোৰে আন্তৰিক সদ্দিছা থাকিব লাগিব । ভাষাটোৰ প্ৰতি আমাৰ যদি নিভাঁজ প্ৰেম থাকে, প্ৰতি মূহুৰ্তত ভাষাটোক যদি আমি চৰ্চা কৰো তেতিয়া কোনো চৰকাৰী সিধান্তই অসমীয়া ভাষাটোক নাইকিয়া কৰিব নোৱাৰে । অধ্যাপক গৰাকীয়ে এই প্ৰসংগত নিজৰ মাতৃভাষাৰ প্ৰতি প্ৰেম কেনেকুৱা হব লাগে সেই কথা বাংলা বা তামিল সকলৰ পৰা জানিব বুজিব পাৰিব বুলি মন্তব্য কৰে । মুঠতে ভোগবাদী সমাজ ব্যৱস্থাত নিজৰ মাতৃভাষাটোৰ প্ৰতিও অলপ সময় দিবলৈ সকলোকে আহ্বান জনাই । এইবাৰৰ সংখ্যাটি সুধাকন্ঠ ড° ভূপেন হাজৰিকা মৃত্যু বাৰ্ষিকী সংখ্যা ৰূপে প্ৰকাশ কৰা হৈছিল । অনুষ্ঠানটিত সাহিত্যিক ফনিন্দ্ৰ নাথ গয়ন,খগেন শইকীয়া, মুকুট ভূঞা, শিক্ষাবিদ মৃদুপৱন বৰা প্ৰমুখ্যে যঠেষ্ট সাহিত্যিক সাহিত্যনুৰাগী,সাংবাদিক উপস্থিত থাকে । গ্ৰন্থ উন্মোচনৰ পাছতেই নিজৰা শইকীয়া , অশোক ৰাম ভট্টাচাৰ্যই পৰিছালনা কৰা আৰু বন্দনা নাথ ঠাকুৰীয়াই আত ধৰা কবিতা পাঠৰ অনুষ্ঠানটিত যথেষ্ট সংখ্যাক ন পুৰণি কবিয়ে কবিতা পাঠ কৰি সামগ্ৰিক অনুষ্ঠানটি জীপাল কৰি তোলে ।

You might also like