নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুমটাই বুটলিখোৱা বৰবালি টোপৰ বিধ্বস্ত পথ : পকীকৰণৰ দাবী ৰাইজৰ

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ:: খুমটাই ৯৬ নং বিধান সভা সমষ্টিৰ অন্তৰ্গত খুমটাই গাঁও পঞ্চায়তৰ বুটলিখোৱা বৰবালি টোপৰ বিধ্বস্ত বাট পথৰ বাবে ৰাইজে চৰম দুৰ্ভোগ ভূগিব লগা হৈছে । উল্লেখ যে ধনশিৰি নদীৰ দাঁতিকাষৰীয়া এই গাওঁখনৰ যাতায়তৰ একমাত্ৰ পথটো তিনি বছৰ আগতে মাটি দি মেৰা-মতি কৰা পিছত শিল বালি দিয়া ব্যৱস্থা নকৰাত বাৰিষা পথ টো গৰু বাটলৈ পৰ্যবেক্ষিত হোৱা পৰিলক্ষিত হৈছে।খুমটাই ধোদৰ আলিৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰত্বত ধনশিৰি নদী সিপাৰে অবস্থিত খুমটাই মৌজাৰ অন্তৰ্গত এই গাওঁখনৰ কৰদৈগুৰি পৰা জাতিপতিয়া সংযোগী পথটোত আজিও নপৰিল শিল বালি ।বাৰিষা দিনত বোকা পানীৰে একাকাৰ হৈ পৰাত বৰবালি টোপৰ বাসিন্দা সকলে যমৰ যাতনা ভূগিব লগা পৰিস্থিতি উদ্ভৱ হৈছে।বাৰিষা পথটো অতি বিধ্বস্ত হৈ পৰা বাবে গাওঁখনৰ ছাত্ৰ -ছাত্ৰী সকলে পঢ়াশালিলৈ যাবলৈ বন্ধ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। পথটোত গাড়ী- মটৰ চলাব নোৱাৰাত গাওঁখনৰ ৰোগী, প্ৰসুতি সকলক বোকোচাত উঠাই, নাইবা চাঙিত উঠায় চিকিৎসালয়লৈ নিব লগা হয়। বিধস্ত পথটোৰ বাবে ৰাইজে বেপাৰ -বাণিজ্য কৰাতো সমস্যাৰ সন্মুখীন হৈ আহিছে । ৰাইজে পথটো শীঘ্ৰে পকী কৰন কৰিবলৈ চৰকাৰৰ লগতে স্থানীয় বিধায়কক কাতৰ অনুৰোধ জনাইছে।

 

 

নবীন গোহাঁই

You might also like