নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলীত দেশৰ বিভিন্ন ৰাজ্যত দুই শতাধিক দুর্ঘটনা

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ: পোহৰৰ উৎসৱ দীপাৱলীক লৈ সমগ্র দেশ মতলীয়া হৈ থকাৰ সময়তে বিভিন্ন স্থানত অনাকাংক্ষিত দুর্ঘটনাৰ বাবে দীপাৱলীৰ উৎসাহ ম্লান কৰিছে৷ ক’ৰবাত যদি ফটকা ফুটাবলৈ গৈ শিশুৰ প্রাণ গৈছে, ক’ৰবাত আকৌ বাছৰ ভিতৰত বন্তি জ্বলাবলৈ যোৱাৰ ফলত সমগ্র বাছখনেই জ্বলি ভস্ম হৈছে৷ এনে অগ্ণিকাণ্ডৰ ফলত মৃত্যু হৈছে দুজনৰ৷ অন্ধ্রপ্রদেশত ফটকা ফুটাবলৈ গৈ ১১ বছৰীয়া কিশোৰ এজনৰ মৃত্যু হোৱাৰ বিপৰীতে ৰাজ্যখনত আতচবাজীৰ জুইত এটা বাসগৃহ ধ্বংস হৈছে৷ দিল্লীত আতচবাজীৰ ফলত এটা বস্ত্র কাৰখানা ধ্বংস হৈছে৷ মহাৰাষ্ট্র, উত্তৰ প্রদেশ, হাৰিয়ানা, তেলেংগানা, ওড়িশা আদি বিভিন্ন ৰাজ্যত দুই শতাধিক দুর্ঘটনা সংঘটিত হৈছে দীপাৱলীৰ আতচবাজীৰ ফলত৷

You might also like