বিশেষ বাৰ্তা, ২৯ অক্টোবৰঃ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগ্রহত CCE ২০২০ আৰু জলসিঞ্চন বিভাগৰ JR-ৰ মুঠ ৬৫৫জন সদ্যনিৰ্বাচিত প্ৰাৰ্থীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে নিয়োগপত্র প্রদান কৰে। ১ লাখ চৰকাৰী চাকৰি দিয়াৰ লক্ষ্যৰে আগবঢ়া চৰকাৰৰ এয়া আছিল এক অন্যতম পদক্ষেপ। উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অশোক সিংঘাল আৰু যোগেন মহন।