আজিৰ দিনটোৰ ৰাশিফল
মেষ ঃ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৭৷ সুখ–সমৃদ্ধি বৃদ্ধি হ’ব৷ কু–গ্রহৰ প্রভাৱে সন্তানৰ ক্ষতি কৰিব পাৰে৷ প্রতিকাৰ– পুৱা গা ধুই তিতা গাৰে তুলসীৰ গুৰিত পানী ঢ়ালি লক্ষ্মীনাৰায়ণক স্মৰণ কৰিব৷
বৃষ ঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷ আর্থিক ক্ষতিৰ যোগ আছে৷ সামান্য কথাতে কাজিয়া হ’ব পাৰে৷ কোনো ধৰণৰ ভাল কাম আজি আৰম্ভ নকৰিব৷ প্রতিকাৰ– ভিক্ষাৰীক ক’লা বস্তু দান কৰিব৷
মিথুন ঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷ এই ৰাশিৰ জাতকৰ আজি শুভ দিন৷ যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে, নিজৰ ভুলে ক্ষতি কৰিব৷ শিক্ষার্থীৰ শাৰীৰিক অসুস্থতাই ক্ষতি কৰিব৷ প্রতিকাৰ– ঘৰলৈ অহা আলহীক সুমিষ্ট ফল খুৱাওক৷
কর্কট ঃ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ পাবলৈ থকা ধন হাতলৈ আহিব৷ প্রতিকাৰ– শিৱ মন্দিৰত বেলপাত, গাখীৰ, ধঁতুৰা ফুল দি লিংগ পূজা কৰি শিৱ–পার্বতীক আৰাধনা কৰিব৷
সিংহ ঃ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷ শিক্ষার্থীয়ে বিচৰা ধৰণে ফল নাপাব৷ বিশেষ ভাল খবৰ পাব৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷ প্রতিকাৰ– এটা পাত্রত পানী লৈ সূর্যলৈ চাই জল অর্পণ কৰিব৷
কন্যা ঃ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷ কর্মস্থান পৰিৱর্তন হ’ব পাৰে৷ শত্রুৰ দ্বাৰা ক্ষতি হ’ব পাৰে৷ শিক্ষার্থীৰ শুভ ফল প্রাপ্তিৰ যোগ৷ ব্যৱসায়ত শুভ৷ প্রতিকাৰ– অগৰু চন্দন মিহলাই গোটেই ঘৰতে ছটিয়াব৷
তুলা ঃ শুভ ৰং বগা, শুভ সংখ্যা ২৷ সাহিত্য চর্চা কৰাসকলৰ সন্মান বাঢ়িব৷ অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে৷ ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷ প্রতিকাৰ– দোৰোণ ফুল পাঁচটা পানীৰে পূর্ণ পাত্রত লৈ সূর্যলৈ চাই অর্পণ কৰিব৷
বৃশ্চিক ঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷ সংযম ৰাখি কথা পাতিব৷ হাতলৈ টকা আহিব যদিও খৰচ বাঢ়িব৷ প্রতিকাৰ– তিনিডাল ধূপ জ্বলাই ঘৰৰ চৌপাশ প্রদক্ষিণ কৰিব৷
ধনু ঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷ ঘৰত কোনোবাৰ চাকৰিৰ সম্ভাৱনা আছে৷ মূৰত আঘাত পাব পাৰে৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷ প্রতিকাৰ– হনুমান মন্দিৰত ফলমূল দি হনুমান চালিচা পাঠ কৰিব৷
মকৰ ঃ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷ চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব৷ অপদস্থ হোৱাৰ ভয়৷ আজি টকা ধাৰলৈ নিদিব৷ প্রতিকাৰ– লোহাৰ আঙঠি এটা সোঁহাতত পিন্ধিব৷
কুম্ভ ঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷ অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে৷ প্রতিকাৰ– ঘৰৰ পৰা ওলাই যাওঁতে সূর্যক প্রণাম কৰি ওলাব৷ লগত এটা বেলপাত ৰাখিব৷
মীন ঃ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬৷ হাতলৈ টকা আহিব৷ কিন্তু জমা ৰাখিব নোৱাৰে৷ মাতৃৰ স্বাস্থ্য অসুস্থ হ’ব পাৰে৷ প্রতিকাৰ– ঘৰলৈ অহা যিকোনো ব্যক্তিক আদৰ কৰি শুশ্রূষা কৰিব৷ পাৰিলে এটা মিঠা ফল খুৱাব৷