নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতাৰ ৰূপত চিকিৎসক : ডিব্ৰুগড়ৰ এএমচিএইচত মঞ্চস্থ ‘দ্য মেন জন বেৰী হোৱাইট’

বিশেষ বাৰ্তা, ৩০ অক্টোবৰঃ ১৮ শতিকাৰ জীৱন্ত অভিনয়ে সকলোকে যেন মন্ত্ৰমুগ্ধ কৰি ৰাখিলে। ইংৰাজ শাসনকালৰ পটভূমি, নিখুঁত অভিনয়ত নিতাপ মাৰিছে দৰ্শক। সঁচাকৈয়ে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ দ্বাৰা বলিষ্ঠ নাট অভিনয়ৰে মোহাচ্ছন্ন কৰি তুলিলে হাজাৰ হাজাৰ দৰ্শকক। অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সঞ্জীৱ কাকতিকে ধৰি জেষ্ঠ-কনিষ্ঠ চিকিৎসকসহ ১০৩জন চিকিৎসকৰ সাৱলীল অভিনয়ে আপ্লুত কৰিলে সকলোকে। অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ বৰ্ষ উদযাপনৰ বছৰজোৰা কাৰ্য্যক্ৰমৰ অংশৰূপে মঞ্চস্থ কৰা হয়  ‘দ্য মেন জন বেৰী হোৱাইট’ নামৰ নাটকখন। অসম তথা উত্তৰ পূৰ্বাঞ্চলত আধুনিক চিকিৎসা আৰু চিকিৎসা শিক্ষাৰ আৰম্ভৰে চিকিৎসা শাস্ত্ৰৰ পোহৰ বিলোৱা প্ৰখ্যাত মনীষী ডাঃ জন বেৰী হোৱাইটৰ জীৱনৰ ওপৰত আধাৰিত হিল্লোল কুমাৰ পাঠকৰ দ্বাৰা ৰচিত আৰু বিশিষ্ট নাট্যকাৰ-অভিনেতা অসীম শৰ্ম্মাৰ পৰিচালনাৰে নাটকখন মঞ্চস্থ কৰা হয় অসম চিকিৎসা মহাবিদ্যালয়ৰ ডা: বেৰী হোৱাইট প্ৰেক্ষাগৃহত। অধ্যক্ষ ডা° সঞ্জীৱ কাকতি, জেষ্ঠ তথা বিশেষজ্ঞ চিকিৎসক ডা° শ্ৰীমন্ত মাধৱ বৰুৱা, ডা° মৃগাংক শেখৰ চলিহা, ডা° কৃষ্ণ নাৰায়ণ দত্ত বৰুৱা, ডা°কৰুণা দাস, ডা° নিভাৰাণী দত্তকে ধৰি শতাধিক জেষ্ঠ-কনিষ্ঠ চিকিৎসকৰ সাৱলীল অভিনয়ত উপস্থিত দৰ্শকৰ অভূতপূৰ্ব সহাৰি আৰু হাত চাপৰিৰে মঞ্চ গুঞ্জৰিত হোৱা দেখা গল। ঐতিহাসিক পটভূমিত ৰচিত নাটখনে বহু কথাই ৰাইজ তথা দৰ্শকৰ আগত সুন্দৰকৈ উপস্থাপন কৰা লগতে ওঠৰশ শতিকাৰ বৃটিছ আমোললৈ ঘুৰাই নিলে সকলোকে।প্ৰতি নিয়তত ৰোগীৰ চিকিৎসাত ব্যস্ত চিকিৎসক সকলৰ বলিষ্ঠ অভিনয়ে উপস্থিত দৰ্শক সকলক আঢ়ৈ ঘণ্টা পৰ্যন্ত আৰ্কষিত তথা বিমুগ্ধ কৰি তুলিলে। ১৮৫৭ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন শল্য চিকিৎসক হিচাপে উজনি অসমত কৰ্মজীৱনৰ পাতনি মেলা ডা° জন বেৰী হোৱাইটে কি দৰে অসম তথা উত্তৰ পূৰ্ব ভাৰতৰ আধুনিক চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছিল, ডিব্ৰুগড়-মাঘেৰিটা ৰেল-আলি স্থাপন, খাৰুৱা তেল অনুসন্ধান আৰু খনন আদিৰ ক্ষেত্ৰত গুৰি ধৰিছিল তাক ড°বেৰী হোৱাইটৰ নাম ভূমিকাত অভিনয় কৰা হৃদৰোগ বিশেষজ্ঞ ডা° মৃগাংক শ্বেখৰ চলিহা আৰু ডা° কৃষ্ণ নাৰায়ণ দত্ত বৰুৱাৰ বলিষ্ঠ অভিনয়ে নাটখন অধিক আৰ্কষণিয় কৰি তুলিলে।উল্লেখযোগ্য যে দেশৰ স্বাধীনতাৰ দোকমোকালিতে জন্ম লোৱা ‘পূৰ্ব ভাৰতীৰ তীৰ্থ প্ৰাঙ্গন’ অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে ইতিমধ্যে বিভিন্ন স্থায়ী উন্নয়নমূলক কামৰ লগতে সাহিত্য, সংস্কৃতি, ক্রীড়া আদিৰ অনুষ্ঠান আয়োজন কৰি অহা লগতে কিছুদিন পূৰ্বে চিকিৎসক সকলৰ দ্বাৰা পৰিবেশিত এখন ভাওনাই সকলোকে আপ্লুত কৰাৰ লগতে যথেষ্ট চৰ্চা লাভ কৰিছিল।স্বাভাৱিকতেই অসম মেডিকেল কলেজৰ চিকিৎসকসকলৰ মাজত বিৰাজ কৰা অভিনয় প্ৰতিভাক সকলোৱে একমুখে ভূয়সী প্ৰসংসা কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like