নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপত কোহলিৰ ১০০০ ৰান

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: টি–২০ বিশ্বকাপত আজি বিৰাট কোহলিয়ে সর্বোচ্চ ৰান সংগ্রহ কৰাত ব্যর্থ হ’লেও বিশ্বৰ দ্বিতীয়গৰাকী বেটাৰ ৰূপে ১০০০ ৰান সম্পূর্ণ কৰে৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে মাত্র ৯ ৰান কৰি বিদায় লোৱা কোহলিয়ে টি–২০ বিশ্বকাপত এইপর্যন্ত ২৪খন মেচ খেলি ১০০১ ৰান সংগ্রহ কৰিছে৷ তেওঁৰ সর্বোচ্চ ৰান অপৰাজিত ৮৯৷ প্রতিযোগিতাখনত কোহলিয়ে ১২টা অর্ধশতৰান অর্জন কৰিলেও এইপর্যন্ত শতৰান অহা নাই তেওঁৰ বেটৰ পৰা৷ টি–২০ বিশ্বকাপত ১০০ অথবা তাতকৈ অধিক ৰান কৰাৰ নজিৰ আছে কেৱল জয়াবর্ধনেৰ৷ আৰু ১৬ ৰান কৰিব পাৰিলেই কোহলি হ’ব টি–২০ বিশ্বকাপৰ সর্বোচ্চ ৰান সংগ্রহকাৰী৷ জয়াবর্ধনেই ৩১খন মেচ খেলি সংগ্রহ কৰিছে ১০১৬ ৰান৷

You might also like