বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ ঐক্যবদ্ধ আৰু গৰিমাময় ভাৰত নিৰ্মাতা লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিন উপলক্ষে সমগ্ৰ ৰাজ্যতে ৰাস্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়৷ বস্ত্ৰনগৰী শুৱালকুছিতো এই উপলক্ষে প্ৰতিখন শিক্ষানুষ্ঠানত আজি বিভিন্ন কাৰ্যক্ৰমণিকাৰে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়৷ শুৱালকুছিৰ চৰকাৰী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান শুৱালকুছি কালিৰাম কাৰিকৰ হাইস্কুলতো ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে পুৱা ছাত্ৰ ছাত্ৰীসকলে সমুহীয়া দৌৰত ভাগ লয় ৷ শুৱালকুছিৰ প্ৰধান প্ৰধান পথৰে ছাত্ৰ ছাত্ৰীসকলে সমুহীয়া দৌৰ অনুষ্ঠিত কৰি চৰ্দাৰ বল্লভ ভাই পেটেলৰ দেশ মাতৃৰ বাবে থকা ত্যাগ আৰু শ্ৰদ্ধাক স্মৰণ কৰে ৷ ইয়াৰ পিছতে বিদ্যালয়ত অনুষ্ঠিত হয় প্ৰাতঃসভা৷ সভাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰাৰ্থনাৰ অন্তত ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰে ৷ উক্ত অনুষ্ঠানতে বিদ্যালয়খনৰ সহকাৰী শিক্ষয়িত্ৰী নিৰ্মালী গোস্বামীয়ে লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ সন্দৰ্ভত এক তত্বগধূৰ বক্তব্য দাঙি ধৰি তেওঁৰ জীৱন পৰিক্ৰমা ছাত্ৰ ছাত্ৰীসকলৰ আগত উল্লেখ কৰে ৷ চৰ্দাৰ বল্লভ ভাই পেটেলে ৰাষ্ট্ৰৰ একতা, অখণ্ডতা আৰু সুৰক্ষাৰ কাৰণে নিজকে যে সমৰ্পন কৰিছিল সেই কথা উল্লেখ কৰি শিক্ষাৰ্থী সকলক দেশৰ এই মহান নেতা গৰাকীৰ আদৰ্শত অনুপ্ৰাণিত হবলৈ আহ্বান জনায় ৷ প্ৰাৰ্থনা সভাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাত প্ৰথম হয় নৱম শ্ৰেণী, দ্বিতীয় যুটীয়া ভাবে হয় দশম আৰু সপ্তম শ্ৰেণী৷ ইয়াৰ পিছতে বিদ্যালয় চৌহদত এক চাফাই অভিযান চলাই বিদ্যালয়খন চিকুণাই তোলে ছাত্ৰ ছাত্ৰীসকলে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক দিবাকৰ কলিতাই ৰাস্ট্ৰীয় একতা দিৱসত বিদ্যালয়খনৰ সকলোৱে সহযোগিতা আগবঢ়োৱা বাবে সকলোকে ধন্যবাদ জনায় ৷ ইফালে শ্ৰীহাটী বাথান হাইস্কুলতো বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰে ৷
প্ৰেৰক দিলীপ মেধি