নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূ-মাফিয়াৰ কবলত পৰি হেৰাই যাব নেকি ধুবুৰীৰ জুইশলা কাৰখানা!

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ এসময়ত ধুবুৰী কিয় বিখ্যাত বুলিলে প্ৰথমেই  উচ্চাৰিত হৈছিল এটা বিশেষ নাম – WIMCO; ধুবুৰীৰ জুইশলা কাৰখানা। প্ৰতিদিন নিশা ১০টা আৰু ৬টাত কাৰখানাটোৰ কৰ্মীৰ কৰ্তৱ্য সলনি হোৱাৰ সময়ত বজা “চাইৰেন”ৰ ধ্বনিৰ সৈতে ওতপ্ৰোত এক সম্পৰ্ক আছিল ধুবুৰীৰ জনজীৱনৰ। পিছে বিগত প্ৰায় ২৫ বছৰে কাৰখানাটোৰ চাইৰেনৰ ধ্বনি শুনা নাই ৰাইজে।  ১৯৯৭ চনতেই বন্ধ হোৱা সেই জুইশলা কাৰখানাটোৰ এতিয়া এৰাবাৰী সদৃশ অৱস্থা৷ কাৰখানাটোত এতিয়া নাই অতীত গৰিমাৰ কোনো  চিন–ছাব। উল্লেখ্য যে ১৯২৫ চনত ধুবুৰী চহৰৰ এম.কো. ৰোড অঞ্চলত ১৩২ বিঘা মাটিত স্থাপিত হৈছিল এই জুইশলা কাৰখানাটো৷ আছাম মেচ কোম্পানী (Assam Match Company)  চমুকৈ এ.এম.চি. নামৰ প্ৰখ্যাত চুইডিছ কোম্পানীয়ে ধুবুৰীৰ এই জুইশলা কাৰখানটোৰ উপৰি মুম্বাই, চেন্নাই, বেৰিলি আৰু ক’লকাতাতো স্থাপন কৰিছিল অনুৰূপ ৪টাকৈ কাৰখানা৷ চৰ্চিত এয়াও যে কোম্পানীটোৰ এই পাঁচটা কাৰখানাৰ ধুবুৰীৰ জুইশলা কাৰখানাটো আটাইতকৈ লাভদায়ক আছিল৷ ১৯৭৯ চনত জাথানী গ্ৰুপ অৱ ইন্ড্ৰাষ্টিজ (Jathani Group of Industries) নামৰ আন এটা কোম্পানীয়ে এ.এম.চি.ৰ  ধুবুৰী,  মুম্বাই, চেন্নাই, বেৰিলি আৰু ক’লকাতাৰ  জুইশলা কাৰখানা কেইটা  ক্ৰয় কৰিছিল। এই জুইশলা কাৰখানা কেইটাক WIMCO নামেৰে নতুন নামকৰণ কৰিছিল জাথানী কৰ্তৃপক্ষই। একাংশৰ দাবী অনুসৰি এসময়ত ধুবুৰীৰ জুইশলা কাৰখানাটোৰে মুনাফাৰে  কোম্পানীটোৰ মুম্বাই, চেন্নাই, বেৰিলি আৰু ক’লকাতাৰ জুইশলা কাৰখানা কেইটাৰ ঘাটি মাৰা হৈছিল৷ ১৯৮৮ চনত জাথানী কৰ্তৃপক্ষই অত্যাধুনিক যন্ত্ৰাংশ ব্যৱহাৰ কৰিলে অধিক কৰ্মীৰ প্ৰয়োজন নাই এই যুক্তিৰে ধুবুৰীৰ জুইশলা কাৰখানাটোৰ বহু কৰ্মী চাটাই কৰিছিল। কিন্তু বাস্তৱত কোম্পানীটোৱে কোৱা ধৰণে কাৰখানাটোৰ যন্ত্ৰাংশৰ আধুনিকীকৰণৰ বাবে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল। স্থানীয় একাংশৰ ভাষ্য অনুসৰি, তেতিয়াৰ পৰাই মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছিল ধুবুৰীৰ জুইশলা কাৰখানাটোৰ । ইফালে ১৯৯৩ চনত দেশৰ সৰ্বোচ্চ ন্যয়ালয়ে গছ কটাৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছিল৷ ফলত স্বাভাৱিকভাৱেই তাৰ প্ৰভাৱ পৰিছিল দেশৰ বিভিন্ন জুইশলা কাৰখানাৰ লগতে ধুবুৰীৰ কাৰখানাটোৰ ওপৰতো৷ ফলত জুইশলা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কাঠৰ চাহিদাৰ অভাৱৰ বাবেই ১৯৯৭ চনত জুইশলা কাৰখানাটো বন্ধ হৈ পৰিছিল৷ উল্লেখনীয় যে, বন্ধ হোৱাৰ পিছত  সেই সময়ত ধুবুৰীত কৰ্মৰত একাংশ  প্ৰশাসনিক বিষয়াক মেনোজ কৰি কিছু মূল্যৱান যন্ত্ৰাংশ জুইশলা কাৰখানাটোৰ পৰা বহিঃৰাজলৈ লৈ যোৱাৰো এক অভিযোগো শুনিবলৈ পোৱা যায় কাৰখানাটোৰ একাংশ প্ৰাক্তন কৰ্মীৰ মুখত। ইপিনে নিৰ্বাচন আহিলেই বিভিন্ন ৰাজনৈতিক দলে ধুবুৰীৰ জুইশলা কাৰখানাটোৰ নাম উচ্চাৰিত কৰাপোৱা যায় যদিও  নিৰ্বাচনৰ পিছত জুইশলা কাৰখানাটোক পুনৰ কাৰ্য্যক্ষম কৰাৰ বাবে ৰাইজক দিয়া বিভিন্ন প্ৰতিশ্ৰুতি অসাৰৰূপে প্ৰতিপন্ন হোৱাটো পৰিণত হৈছে এক  গতানুগতিক নিয়মৰূপেই। ধুবুৰীৰ এক দীঘলীয়া এক ইতিহাসৰ সাক্ষী, প্ৰাকস্বাধীনোত্তৰ যুগৰ ইতিহাস গৰকা এই জুইশলাটো পুনৰ্জীৱিত কৰাৰ বাবে দৰাচলতে আজিলৈ কোনো এগৰাকী স্থানীয় নিৰ্বাচিত জনপ্ৰতিনিধিয়ে কোনো প্ৰচেষ্টা নকৰাক কেন্দ্ৰ কৰিও আছে ৰাইজৰ মাজত এক সুপ্ত ক্ষোভ। ধুবুৰীৰ সৰ্বসাধাৰণ ৰাইজে  কিন্তু এতিয়াও অন্তঃকৰণে কামনা কৰে  এই জুইশলা কাৰখানাটো পুনৰ স্বগৰিমাৰে উজলি উঠাৰ। উল্লেখনীয় যে, ২০১৬ চনৰ ডিচেম্বৰৰ অন্তিম সপ্তাহত গুৱাহাটীত ৰাজ্যৰ তদনীন্তন উদ্যোগ মন্ত্ৰী  চন্দ্ৰমোহন পাটোৱাৰীয়ে  ৫০০০ কোটি টকীয়া এক ঔদ্যোগিক উন্নয়ন প্ৰকল্পৰ কাম হাতত লোৱা বুলি ঘোষণা কৰিছিল। মন্ত্ৰীগৰাকীৰ সেই ঘোষণাত ধুবুৰী জিলাত এটা মৰাপাট ক’ল স্থাপন কৰাৰ বিষয়টোৰ ল’গতে জুইশলা কাৰখানাটোও পুনৰ্জীিৱত কৰাৰ বিষয়টোও স্থান পাইছিল। স্বাভৱিক ভাবেই তদানীন্তন উদ্যোগ মন্ত্ৰীগৰাকীৰ সেই ঘোষণাই  উৎফুল্লিত কৰি তুলিছিল ধুবুৰীকে ধৰি পশ্চিম অসমৰ সৰ্বসাধাৰণ ৰাইজক। কিন্তু দেশৰ এটা আগশাৰীৰ বহুজাতিক কোম্পানীয়ে ক্ৰয় কৰা ধুবুৰীৰ সেই জুইশলা কাৰখানাটোৰ ভূমি বৃহৎ অংকৰ ধনৰ বিনিময়ত অনা অসমীয়া ব্যৱসায়িক বিক্ৰী কৰি দিয়া বুলি ধুবুৰীৰ বিভিন্ন মহলত শেহতীয়া ভাৱে এক বুবা আৰম্ভ হোৱা পোৱা গৈছে। অৱশ্যে সেই চৰ্চাৰ সত্যতা এতিয়ালৈ নিশ্চিত কৰিব পৰা যোৱা নাই যদিও কেৱল ধুবুৰীৰেই নহয়, পশ্চিম অসমৰ  ৰাইজৰ  আৱেগৰ সৈতে জড়িত হৈ থকা এএই জুইশলা কাৰখানাটোৰ মাটি যদি সঁচাকৈয়ে বিক্ৰী কৰা হৈছে সেয়া যে বৃহত্তৰ এই অঞ্চলটোত এক ঋণাত্মক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাটো কিন্তু প্ৰায় নিশ্চিত। এনে প্ৰেক্ষাপটত সমগ্ৰ বিষয়টো লৈ তথা ধুবুৰী তথা পুৰণি গোৱালপাৰা জিলাৰ প্ৰাকস্বাধীনোত্তৰ যুগৰ এক দীৰ্ঘ গৰিমাময় ইতিহাসৰ সাক্ষী ধুবুৰীৰ এই জুইশলা কাৰখানাটো পুনৰ কাৰ্য্যক্ষম কৰি তোলাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতাক্ষ হস্তক্ষেপ কৰাটো কামনা কৰিছে এতিয়া বহুতেই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like