নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰ কলেজৰ বহু বিতৰ্কিত অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক বৰ্খাস্ত

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ : শিলচৰৰ ঐতিহ্যমণ্ডিত কাছাৰ কলেজৰ বহু বিতৰ্কিত অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক বৰ্খাস্ত কৰা হৈছে। তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিয়ে শিক্ষা বিভাগৰ উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালক ডি কে মিলিয়ে। উল্লেখ্য, দীৰ্ঘদিন ধৰি কাছাৰ কলেজত এইগৰাকী অধ্যক্ষৰ কাৰ্যক লৈ ছাত্ৰ -শিক্ষক আৰু অশিক্ষক কৰ্মচাৰীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল। বহু শিক্ষকে অভিযোগ কৰিছিল যে, তেওঁ একনায়কত্ববাদী শাসন ব্যৱস্থা জাপি দিছে।বিশেষকৈ শিক্ষকৰ ওপৰত একনায়কত্ববাদ চলাইছে। কলেজখনৰ শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰীসকলে এই বিষয়ে মুখ মেলিবলৈ সাহস পোৱা নাছিল। কিন্তু কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়ত কৰ্তব্যৰ গাফিলতিৰ সন্দৰ্ভত জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝা তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও কলেজৰ শিক্ষক সন্থাই বিভিন্ন সময়ত বিভিন্ন বিষয়ত ৰাজ্য চৰকাৰৰ ওচৰত অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ ভিত্তিত ৰাজ্য চৰকাৰে উচ্চতৰ মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকক তদন্তৰ নিৰ্দেশ দিছিল। শেহতীয়াকৈ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ এটা প্ৰতিনিধি দলে শিলচৰৰ কাছাৰ কলেজ ভ্ৰমণ কৰি এই অভিযোগসমূহৰ তদন্ত কৰে। আৰু আজি তেওঁক এটা নিৰ্দেশত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। আৰু কোনো ধৰণৰ অনুমতি অবিহনে বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like