দুলীয়াজানত ডিব্ৰুগড় জিলা মাষ্টাৰ্ছ এথলেটিকছ ক্ৰীড়া সমাৰোহ
নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ দুলীয়াজান নেহৰু ময়দানত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ২৮সংখ্যক ডিব্ৰুগড় জিলা মাষ্টাৰ্চ এথলেটিকচ ক্ৰীড়া সমাৰোহ-২০২২। অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত আৰু জিলা মাষ্টাৰ্চ এথেলেটিকচ এচ’ছিয়েচনৰ তত্বাৱধানত অনুষ্ঠিত এই সমাৰোহত জিলাখনৰ ৩৫ৰ পৰা ৮০ উৰ্ধৰ ২০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে । আজি প্ৰথম দিনা প্ৰতিযোগিতাত শ্বটপুট, হেমাৰ থ্ৰ’, জেভলিন থ্ৰ’, লং জাম্প, ত্ৰিপল জাম্প, দৌৰ আদি ইভেন্টসমূহ অনুষ্ঠিত হয়। আৰম্ভণি কাৰ্যসূচীত জিলা পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা মাষ্টাৰ্চ এথেলেটিকছ ক্ৰীড়া সন্থাৰ সভাপতি মহেন বুঢ়াগোহাঁয়ে। আয়োজক সমিতিৰ পতাকা উত্তোলন কৰে দুলীয়াজান মাষ্টাৰ্চ এথেলেটিকচ সন্হাৰ সভাপতি মাধৱ বুঢ়াগোহাঁয়ে । শ্বহীদ তৰ্পণ কৰে নাহৰকটীয়াৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই গগৈয়ে আৰু আদৰণী ভাষণ আগবঢ়ায় দুলীয়াজান মাষ্টাৰ্চ এথেলেটিকচ সন্হাৰ সম্পাদক মহম্মদ নাচেৰে । উদ্বোধনী সভাখনত বিশিষ্ট অতিথি ডাঃ মনপ্ৰতিভ বৰুৱাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।
প্ৰেৰক কৃষ্ণা গগৈ