সকলো নিৰ্বাচনকে বিজেপিয়ে সমানে গুৰুত্ব প্ৰদান কৰে : মন্ত্ৰী পীযুষ হাজৰীকা
বিশেষ বাৰ্তা, ৬ নৱেম্বৰ: মন্ত্ৰী পীযুষ হাজৰীকাই আজি নাৰায়ণপুৰত এখন সংবাদ মেল সম্বোধন কৰি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই ঘোষণা কৰা বিজেপিৰ ঘোষণাপত্ৰৰ বিষয়ে বৰ্ণনা কৰে | বিগত প্ৰায় ১২ দিন দেউৰী অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ কৰি বহুখিনি কথা বুজিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী হাজৰীকাই সংবাদ মেলৰ কয়। নিৰ্বাচনী সভাবোৰত দেউৰী সম্প্ৰদায়ৰ লোক আৰু দেউৰী অধ্যুষিত অঞ্চলৰ আন ব্যক্তিসকলৰ উপস্থিতি আৰু তেঁওলোকৰ উতসাহজনক সঁহাৰিৰ বাবে মন্ত্ৰী হাজৰীকাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। দেউৰী সম্প্ৰদায়ৰ ব্যক্তিসকল শিক্ষিত আৰু সুনাগৰিক বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত সময়খিনিত দেউৰী সম্প্ৰদায়ৰ ব্যক্তিৰ ঘৰত খাদ্য গ্ৰহণ কৰাৰ সময়ত তেঁওলোকৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সজাগতাৰ বিষয়ে তেঁও উপলব্ধি কৰে। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই মুকলি কৰা ঘোষণা পত্ৰৰ দুটামান ঘোষণাৰ বিষয়ে মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে দেউৰী সম্প্ৰদায়ৰ ভূমিহীন ব্যক্তিসকলক মিছন বসুন্ধৰাৰ অধীনত ভূমি প্ৰদান কৰা হ’ব | আনহাতে অহা দুমাহৰ ভিতৰত দেউৰী সম্প্ৰদায়ৰ পূজাৰীসকলক ১ লাখকৈ সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰি মন্ত্ৰী হাজৰীকাই কয় যে ১০০ বছৰতকৈ পুৰণা দেওশালবোৰলৈও চৰকাৰৰ পৰা ১০ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব। আনহাতে ১০০ বছৰতকৈ কম পুৰণা দেওশালবোৰলৈও আঢ়ৈ লাখকৈ টকাৰ সাহায্য প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। দেউৰী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এ পি এচ চি আৰু ইউ পি এচ চি ৰ পৰীক্ষাৰ বাবে সাজু হ’ব পৰাকৈ ৰাজ্য চৰকাৰ আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। তদুপৰি স্থানীয় লোকসকলৰ ইচ্ছাৰ প্ৰতি সহাঁৰি জনাই ৰাজ্য চৰকাৰে লখিমপুৰৰ হাৰমতীত ৫০ লাখ টকা ব্যয়েৰে এটা দেউৰী অতিথিশালা নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি মন্ত্ৰী হাজৰীকাই সংবাদ মেলত ঘোষণা কৰে। আনহাতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰা ২২টা সমষ্টিৰ আটাইকেইটাতে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে বিজেপি চৰকাৰে ভাল কাম নকৰাহ’লে আটাইকেইটা সমষ্টিতে জয়লাভ কৰিব পাৰিব বুলি দাবী কৰিব পৰা পৰিৱেশ এটা নাথাকিলেহেঁতেন। আনহাতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত বিৰোধীশূন্য হৈ পৰা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰ বাদ দি কংগ্ৰেছৰ নেতাসকলে ধুবুৰীলৈ পলাই গৈ বাহৰ পাতি আছেগৈ। আনহাতে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনকে ধৰি পৰিষদীয় নিৰ্বাচন, বিধানসভা, লোকসভা নিৰ্বাচন আদি সকলোতে সমানে গুৰুত্ব দিয়ে বুলিও মন্ত্ৰী হাজৰীকাই প্ৰকাশ কৰে। দলৰ এনে চিৰিয়াছনেচৰ বাবেই দলীয় সভাপতি আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিগত প্ৰায় ১২ দিন তেঁও নিৰ্বাচনী প্ৰচাৰৰ কামত লাগি থকা বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।