নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়া-শিলচৰত জব্দকৃত শতাধিক দুষ্প্রাপ্য বন্যপ্ৰাণী আম্বানীৰ চিৰিয়াখানালৈ

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ:   ব্লেকপেন্থাৰৰ পাছত এইবাৰ অসমৰ বন্যপ্রাণীয়ে শোভাবর্ধন কৰিব বহিঃৰাজ্যৰ চিৰিয়াখানাত৷ ইতিমধ্যে গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা গুজৰাটলৈ প্রেৰণ কৰা হৈছে বহুসংখ্যক দুষ্প্রাপ্য জীৱ–জন্তু৷ ইয়াৰে গৰিষ্ঠসংখ্যকেই হ’ল শেহতীয়াকৈ বহিঃৰাষ্ট্রৰ পৰা অবৈধভাৱে সৰবৰাহ কৰি ৰঙিয়া, শিলচৰ, খানাপাৰাত জব্দ কৰা৷ ‘নিয়মীয়া বার্তা’ৰ হাতত পৰা তথ্য অনুসৰি এই দুষ্প্রাপ্য জীৱ–জন্তুসমূহ প্রেৰণ কৰা হৈছে গুজৰাটৰ জামনগৰস্থিত পুঁজিপতি মুকেশ আম্বানিৰ পুত্রৰ ব্যক্তিগত চিৰিয়াখানালৈ৷ বিগত দুটা দিনৰ ভিতৰত গোপনে গুৱাহাটীৰ চিৰিয়াখানাৰ পৰা জামনগৰলৈ প্রেৰণ কৰা জীৱ–জন্তুসমূহৰ তালিকাত আছে আপুৰুগীয়া কাছ, কেংগেৰু, বান্দৰ, শহাপহু, সাপ আৰু বিভিন্ন প্রজাতিৰ চৰাই৷ ৰাজ্যিক চিৰিয়াখানাৰ পৰা ট্রাকেৰে নি বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ পৰা আকাশমার্গেৰে এই জীৱ–জন্তুসমূহ প্রেৰণ কৰা হৈছে৷ উক্ত জীৱ–জন্তুসমূহেই নহয়, অসমৰ পৰা গুজৰাটলৈ হাতীৰ লগতে কেইবাটাও এশিঙীয়া গঁড়ো প্রেৰণৰ যো–জা চলিছে৷ এইক্ষেত্রত আম্বানিৰ চিৰিয়াখানাৰ কর্মচাৰীক বিশেষ প্রশিক্ষণ প্রদান কৰিছে অৱসৰপ্রাপ্ত পশু চিকিৎসক বিজিত গগৈয়ে৷ প্রায় দুবছৰ পূর্বে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰা ডাঃ গগৈয়ে গুৱাহাটী চিৰিয়াখানাৰ ভিতৰত আম্বানিৰ নির্দিষ্ট কর্মচাৰীসকলক বিশদ প্রশিক্ষণ দিয়াৰো তথ্য পোহৰলৈ আহিছে৷ সমগ্র বিষয়টো সন্দর্ভত প্রাপ্ত তথ্য অনুসৰি যোৱা ৫ নৱেম্বৰৰ নিশা দুখন বিশেষ বাহনেৰে গুৱাহাটীৰ চিৰিয়াখানাৰ পৰা বৰঝাৰৰ বিমানবন্দৰলৈ লৈ যোৱা হৈছিল বহু আপুৰুগীয়া জীৱ–জন্তু৷ তাৰ পাছত বিমানযোগে গুজৰাটলৈ এই জীৱ–জন্তুসমূহ লৈ যোৱা হয়৷ লক্ষণীয়ভাৱে সমগ্র বিষয়টো সন্দর্ভত অসম ৰাজ্যিক চিৰিয়াখানাৰ বন প্রাধিকাৰী বিষয়া (ডিএফ’) অশ্বিনী কুমাৰে কার্যতঃ গা এৰা দিয়া মন্তব্য কৰে৷ বন বিষয়াজনে অসমৰ পৰা দুষ্প্রাপ্য জীৱ–জন্তুসমূহ বহিঃৰাজ্যলৈ প্রেৰণৰ কথা স্বীকাৰ কৰে যদিও এইক্ষেত্রত অসম ৰাজ্যিক চিৰিয়াখানাত ঠাইৰ অভাৱৰ দোহাই দিছে৷ তেওঁ কয় যে অসম ৰাজ্যিক চিৰিয়াখানাত জীৱ–জন্তু ৰখাৰ ঠাইৰ অভাৱৰ লগতে পৰিৱেশৰ লগত খাপ খোৱাব নোৱাৰাৰ বাবে গ্রহণ কৰা হৈছে এনেধৰণৰ পদক্ষেপ৷ গুজৰাটলৈ এইদৰে জীৱ–জন্তু প্রেৰণ কৰাৰ বিনিময়ত অসম ৰাজ্যিক চিৰিয়াখানালৈ জেব্রা আৰু জিৰাফকে ধৰি কেতবোৰ আন জীৱ–জন্তু অনা হ’ব বুলিও তেওঁ দাবী কৰে৷ উল্লেখ্য যে প্রায় দুবছৰ পূর্বে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা গুজৰাটৰ জামনগৰস্থিত  মুকেশ আম্বানিৰ পুত্রৰ চিৰিয়াখানালৈ দুটা দুষ্প্রাপ্য ব্লেকপেন্থাৰ প্রেৰণ কৰা হৈছিল৷ কিন্তু সেই ব্লেকপেন্থাৰ দুটাৰ বিনিময়ত অসমলৈ কি জীৱ–জন্তু অনা হ’ল সেয়া আজিও ৰহস্যৰ আৱর্তত৷ এনে অৱস্থাত সমগ্র বিষয়টোক লৈ বন্যপ্রাণীপ্রেমীসকল্ প্রশ্ণ উত্থাপন কৰিছে৷

You might also like