নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত ৫ হাজাৰ মেট্ৰিকটন ধাৰণ ক্ষমতাসম্পন্ন শীতল ভঁৰাল উদ্বোধন মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ৮ নৱেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কামৰূপ জিলাৰ ছয়গাঁৱত ৫ হাজাৰ মেট্ৰিকটন ধাৰণ ক্ষমতাসম্পন্ন এটা শীতল ভঁৰাল আৰু পানেৰী ছাটাবাৰীস্থিত খাদ্য সংসাধন পার্কত এটা ফল–মূল সংসাধন কেন্দ্রৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে ৫ হাজাৰ মেট্ৰিকটন ধাৰণ ক্ষমতাসম্পন্ন এই শীতল ভঁৰালটো ২৪.৭৫ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যিক কৃষি–সামগ্রী বিপণন পৰিষদে স্থাপন কৰিছে৷ কামৰূপ, কামৰূপ মহানগৰ, গোৱালপাৰা, নলবাৰী আৰু বৰপেটাৰ কৃষক আৰু ব্যৱসায়ীসকলক বিশেষভাৱে উপকৃত কৰিবলগীয়া এই শীতল ভঁৰালৰ প্রতিটো চিলাৰ আৰু ফ্রীজাৰ কোঠাৰ ধাৰণ ক্ষমতা ক্রমে ৫৫০ মেট্ৰিকটনৰ পৰা ৫৭৫ মেট্ৰিকটন৷ চিলাৰ কোঠা কেইটা আলু, ফল আৰু অন্য শাক–পাচলি ৰখাৰ বাবে উপযোগী হোৱাৰ বিপৰীতে ফ্রীজাৰ কোঠাবোৰ হিমায়িত খাদ্য সামগ্রী, গাখীৰ, দুগ্ধজাত সামগ্রী আদি ৰখাৰ বাবে উপযোগী হোৱাকৈ গঢ়ি তোলা হৈছে৷ আনহাতে, ফল–মূল সংসাধন কেন্দ্রটোৰ নির্মাণত ব্যয় হৈছে ২.৮৯ কোটি টকা৷ ৰাজসাহায্যপ্রাপ্ত এইটোৱেই ৰাজ্যৰ প্রথমটো ফল–মূল সংসাধন কেন্দ্র৷ মুখ্যমন্ত্রী ড০ শর্মাই এই উপলক্ষে ছয়গাঁও মহাবিদ্যালয় খেলপথাৰত আয়োজিত সভাত ভাষণ প্রদান কৰি ৰাজ্যৰ যুৱ সমাজক কৃষিজাত সামগ্রীৰ সংসাধন আৰু পেকেজিঙত গুৰুত্ব দিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে অসমত অযুত সম্ভাৱনা আছে৷ ৰাজ্যখনৰ আদা, জালুক, নেমু, জহা চাউল আদিকে ধৰি সামগ্রীসমূহৰ বিশ্বজুৰি বজাৰ আছে৷ কিন্তু কৃষকে উৎপাদিত সামগ্রীৰ তেতিয়াহে উচিত দাম পাব যেতিয়া তেনে সামগ্রীৰ সংসাধন আৰু পেকেজিঙৰ ব্যৱস্থা কৰা হয়৷ পৰম্পৰাগত কৃষিৰ লগত কৃষকসকলে যদি কৃষিজাত সামগ্রীৰ সংসাধন আৰু পেকেজিঙত গুৰুত্ব প্রদান কৰে তেন্তে ৰাজ্যৰ অর্থনীতিয়ে নতুন জীৱন লাভ কৰিব বুলি মন্তব্য কৰি তেওঁ কয় যে উদ্যান–শস্যৰ লগত পেকেজিং আৰু সংসাধনৰ ব্যৱস্থা যিমান সোনকালে সংযোজিত হব, ৰাজ্যৰ অর্থনীতিও সিমানেই শক্তিশালী হব৷ বিগত বর্ষত এই সন্দর্ভত ৰাজ্য চৰকাৰে লোৱা প্রচেষ্টাৰ ফলত প্রায় ২০০ কোটি টকাৰ সামগ্রীৰ ৰপ্তানি সম্ভৱ হৈছে বুলি সদৰী কৰি তেওঁ কয় যে যদি ৰাজ্যখনৰ উদ্যান–শস্য খণ্ডটোক ভালদৰে সংগঠিত কৰিব পৰা যায় তেন্তে এনে বার্ষিক ৰপ্তানিৰ পৰিমাণ সহজেই ১ হাজাৰ কোটি টকা পর্যন্ত হবগৈ৷ এই দিশত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীয়ে কৃষি বিভাগক আহ্বান জনায়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যৰ অর্থনীতি আজিও বহু পৰিমাণে কৃষিৰ ওপৰত নির্ভৰশীল৷ অসমৰ ঘৰুৱা উৎপাদনৰ এক তৃতীয়াংশ কৃষি অর্থনীতিয়ে অৰিহণা যোগায়৷ ৰাজ্যখনৰ কৃষিখণ্ডৰ আধুনিকীকৰণ, যুৱক–যুৱতীসকলৰ বাবে কৃষিখণ্ডক মনোগ্রাহীকৈ গঢ়ি তোলা, কৃষি যান্ত্রিকীকৰণ আৰু কৃষিজাত সামগ্রীৰ এখন বজাৰ সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰলস প্রচেষ্টা চলাই আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনত ২২০ টা স্থানত ধান বনা কল আৰু ১১০টা স্থানত ধান মজুতকৰণৰ বাবে গুদাম নির্মাণৰ আঁচনিও গ্রহণ কৰিছে৷ এই আঁচনিৰ বাবে উদ্যোগীসকলক ৫০ শতাংশ পর্যন্ত ৰাজসাহায্য আগবেোৱা হৈছে৷ মুখ্যমন্ত্রীয়ে লগতে মন্তব্য কৰে যে ৰাজ্যখনত বজাৰ চাহিদা থকা বৃক্ষৰ ব্যৱসায়ৰো প্রচুৰ সম্ভাৱনা আছে৷ আগৰ, শাল, চেগুন আদিকে ধৰি বিভিন্ন মূল্যৱান গছ ৰোপণ কৰি স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়ি আহিবলৈও তেওঁ ৰাজ্যবাসীক আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনৰ কার্যকালৰ যোৱা ডেৰটা বছৰত অসমৰ অর্থনীতিয়ে এখন নতুন আকাশ স্পর্শ কৰাৰ দিশত ধাৱমান হৈছে আৰু বিকাশৰ এক নতুন পৰিৱেশ নির্মাণ হৈছে৷ শৰাইঘাটত ৰেলপথসহ আন এখন দলং নির্মাণ, কুৰুৱা–নাৰেংগী সংযোগী, শুৱালকুছি–পলাশবাৰী সংযোগী দলং নির্মাণৰ বাবে লোৱা পৰিকল্পনাৰ কথাও মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্য চৰকাৰে গ্রহণ কৰা কেইবাটাও নতুন পদক্ষেপৰ কথাও সদৰি কৰে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে এইবাৰ ধান ক্রয়ৰ ক্ষেত্রত ন্যুনতম সমর্থিত মূল্য প্রতি কুইণ্টলত কমেও ২০০৬ টকালৈ বৃদ্ধি কৰিব৷ তেনেদৰে, অহা মাহৰ পৰা ৯ লাখ নতুন হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ দ্বাৰা সামৰি লোৱা হব৷ আগন্তুক বর্ষৰ জানুৱাৰী মাহৰ পৰা ৰাজ্যৰ ৫২ লাখ লোকক ৰেচন কার্ড প্রদানৰ কাম আৰম্ভ হব বুলিও সদৰী কৰি তেওঁ কয় যে ৰেচন কার্ড থকা পৰিয়ালসমূহে ৫ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভৰ সুবিধা লাভ কৰিব৷ তেনেদৰে, আগন্তুক বর্ষত ৰাজ্যত ২৫ খন নতুন মহাবিদ্যালয় নির্মাণৰ কামো ৰাজ্য চৰকাৰে আৰম্ভ কৰিব বুলিও তেওঁ সদৰি কৰে৷ অনুষ্ঠানত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা, গুৱাহাটীৰ সাংসদ কুইন ওজা, বিধায়ক ক্রমে ৰেকিবুদ্দিন আহমেদ, হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্রিয়া, নন্দিতা দাস, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভা, অসম খাদী আৰু গ্রামোদ্যোগ বর্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা, অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, কামৰূপৰ উপায়ুক্ত কীর্তি জল্লীকে ধৰি বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই আজি ৰাজ্যৰ এখন অন্যতম পীঠস্থান তথা চান্দ সদাগৰৰ কাহিনী বিজড়িত শ্রীশ্রী মা চণ্ডিকা দেৱালয় দর্শন কৰি সেৱা আগবঢ়ায়৷ মুখ্যমন্ত্রীয়ে আজিৰ অনুষ্ঠানত ৰাজ্যবাসীলৈ ৰাস মহোৎসৱৰ শুভেচ্ছাও জ্ঞাপন কৰে৷

You might also like