নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মই সুখী…’ টেগলাইনেৰে গুজৰাটত বিজেপিৰ প্ৰচাৰ অভিযান আৰম্ভ

বিশেষ বাৰ্তা, ৮ নৱেম্বৰঃ গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। এই অভিযানত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ বৈঠকত অনুমোদন জনোৱা হয়। এই অভিযানৰ লক্ষ্য এনেদৰে ৰচনা কৰা হৈছে যে সাধাৰণ গুজৰাটীৰ আৱেগক এই অভিযানত সংযোজন কৰিব পৰা যায়। ইয়াৰ অধীনত ২০ বছৰৰ ভিতৰত চৰকাৰে যি আঁচনি আৰু সাফল্য লাভ কৰিছে বা গুজৰাটৰ পৰিচয় সমগ্ৰ দেশতে গঢ়ি তুলিছে, সেই পৰিচয় উত্থাপন হৈছে। গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে হ’বলগীয়া প্ৰচাৰৰ মূল চাৰিটা বিষয় এই পৰ্যন্ত চৰ্চালৈ আহিছে। সেইকেইটা হল- ‘গুজৰাটৰ শেষ চুকত নৰ্মাদাৰ পানী পোৱাত মই সুখী।’ ‘গুজৰাটত মই সুৰক্ষিত হৈ থকাত মই সুখী’। ‘গুজৰাটত অগ্ৰগতি হৈছে বুলি মই সুখী’। ‘গুজৰাটত ব্যৱসায় হৈছে বুলি মই সুখী’। উল্লেখ্য যে গুজৰাটত ষষ্ঠবাৰৰ বাবে বিজেপিয়ে বিগত কেইবাবছৰত কৰা উন্নয়নক নিৰ্বাচনী জখলা পাৰ হ’বলৈ প্ৰচাৰৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যাব। বৈঠকত প্ৰাৰ্থীৰ নাম আলোচনা কৰি ১০০ৰো অধিক ছেটত তিনিজনকৈ প্ৰাৰ্থীৰ পেনেল অনুমোদন কৰা হৈছে যদিও ইয়াৰ মাজতে দলৰ ভিতৰত নতুন প্ৰজন্মৰ নেতাৰ অংশগ্ৰহণো বৃদ্ধি পাবলৈ গৈ আছে। গুজৰাটৰ বিজয় ৰূপানী চৰকাৰত যোৱাবাৰ অপসাৰণ কৰা মন্ত্ৰীসকলৰ ভিতৰত দলটোৱে বহু ডাঙৰ নেতাৰ টিকট কটাবলৈ গৈ আছে। ইয়াৰে বিজেপিয়ে নতুন প্ৰজন্মৰ প্ৰাৰ্থীৰ ওপৰত বাজি ধৰিবলৈ গৈ আছে যিসকল শক্তিশালী নেতাৰ টিকট কৰ্তন হ’ব তেওঁলোকৰ টিকট কাটি। দলটোৱে সিদ্ধান্ত লৈছে যে এইবাৰ বিধানসভাত মহিলাৰ প্ৰতিনিধিত্বও বৃদ্ধি কৰা হ’ব। ইয়াৰ বাবে এক ডজনৰো অধিক মহিলাক টিকট দিয়াৰ প্ৰস্তুতি চলোৱা হৈছে। গুজৰাটত সুখী অভিযানৰ সমান্তৰালকৈ বিজেপিয়ে পুৰণি প্ৰজন্মৰ ঠাইত নতুন প্ৰজন্মৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰিবলৈ ওলাইছে। একে সময়তে মহিলাৰ অংশ বৃদ্ধিয়েও এক প্ৰত্যক্ষ বাৰ্তা দিবলৈ গৈ আছে যে ৰাজনীতিত যুৱক-যুৱতীসকলৰ মাজত মহিলাৰ প্ৰতিনিধিত্বও বৃদ্ধি পাব লাগে।

You might also like