মৰিয়নি মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা
কিতাপ অধ্যয়নে মানুহক প্ৰশান্তি দিয়ে - ধ্ৰুৱজ্যোতি বৰঠাকুৰ
নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ ‘কেৱল বৈষয়িক সুখ শান্তিৰে মানুহ হ’ব নোৱাৰে । মানুহে গ্ৰন্থ অধ্যয়ন কৰিব লাগিব । তেতিয়াহে মানুহে অধিক জ্ঞান অৰ্জন কৰিব পাৰিব । কিতাপৰ পৰা পোৱা জ্ঞানে মানুহক প্ৰশান্তি দিয়ে ।’ মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত ‘প্ৰৱন্ধ সঞ্চয়ন’ নামৰ গ্ৰন্থ উন্মোচন কৰি এইদৰে কৰে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, অমূল্য চক্ৰৱৰ্তী অনুবাদ সাহিত্যৰ বঁটাপ্ৰাপক, তেল আৰু প্ৰাকৃতিক গেছ আয়োগ লিমিটেড যোৰহাটৰ অৱসৰপ্ৰাপ্ত উপ-মহাপ্ৰৱন্ধক তথা মুখ্য পদাৰ্থবিদ ধ্ৰুৱজ্যোতি বৰঠাকুৰে । তেওঁ ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নশীল হ’বলৈ আহ্বান জনাই কয়- কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে । কেনেকুৱা কিতাপ পঢ়িব লাগে সেই বিষয়েও তেওঁলোকে জানিব লাগে । কাৰণ কিতাপৰ বাদে জ্ঞান অৰ্জন কৰাৰ সুবিধাজনক বস্তু আন একো নাই । প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে – কেৱল ঈশ্বৰক ধিয়াই থাকিলেই নহ’ব । মানুহ উদ্যোগীও হ’ব লাগিব । উদ্যোগী মনৰ মানুহৰ লগত লক্ষ্মী, সৰস্বতী সকলোৱে বাস কৰে ।
আনহাতে, সাহিত্যৰ ন’বেল বঁটা প্ৰাপ্ত পৰ্টুগীজ সাহিত্যিক জ’ছে ছাৰামাগ’ৰ জীৱন শৈলীৰ সম্পৰ্কে উল্লেখ কৰি তেওঁ কয় – আৰ্থিক দৈন্যতা জীৱনৰ উন্নতিৰ পথত অন্তৰায় কেতিয়াও হ’ব নোৱাৰে । বিশিষ্ট সাহিত্যিকজনে লগতে ছাত্ৰ ছাত্ৰীৰ মাজত বৌদ্ধিক আড্ডাৰ প্ৰাসংগিকতা উল্লেখ কৰি কয়- সকলোৱে সকলো কিতাপ পঢ়াতো সম্ভৱ নহয় । গতিকে ছাত্ৰ ছাত্ৰীৰ মাজত বৌদ্ধিক আড্ডা হ’ব লাগে । এনে বৌদ্ধিক আড্ডাৰ সৃষ্টিয়ে বিভিন্ন গ্ৰন্থৰ বিষয়ে জানিবলৈ সুবিধা দিয়াৰ লগতে কিতাপ পঢ়াৰ প্ৰতি অধিক ধাউতি জন্মাব বুলি লগতে মন্তব্য কৰে । মনোজ্ঞ সভাখনত অংশগ্ৰহণ কৰি মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাই কয় এখন গ্ৰন্থ প্ৰকাশ হ’লেই নহ’ব গ্ৰন্থখন অধ্যয়নো কৰিব লাগিব । সকলোকে অধ্যয়ন কৰিবলৈ আহ্বান জনাই তেওঁ এখন গ্ৰন্থ অধ্যয়নে আমাক অক্সিজেন দিয়ে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । মানসিকভাৱে বিকাশ হ’বৰ বাবে আমি বিভিন্ন কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা আছে বুলিও তেওঁ লগতে উল্লেখ কৰে । অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মানৱী গগৈয়ে সঞ্চালনা কৰা সভাখনত উপাধ্যক্ষ লাচিত গগৈ, শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা অৰ্চনা শইকীয়া, জ্যেষ্ঠ অধ্যাপক বিকাশ দত্ত আদিয়েও বক্তব্য প্ৰদান কৰে । উল্লেখযোগ্য যে, অসমীয়া বিভাগৰ উদ্যোগত প্ৰকাশ কৰা আৰু বিভাগটোৰ জ্যেষ্ঠা অধ্যাপিকা ড° বাণী বৰাই সম্পাদনা কৰা ‘প্ৰৱন্ধ সঞ্চয়ন’ৰ তৃতীয় সংখ্যাটো আজি উন্মোচন কৰা হয় ।
সম্পাদকৰ মন্তব্য ড° বাণী বৰাই প্ৰদান কৰি কিতাপখন প্ৰকাশৰ আঁৰৰ কথা ব্যক্ত কৰে । পৰৱৰ্তী সময়তো এইদৰে তেওঁলোকে গ্ৰন্থ প্ৰকাশ কৰিব বুলি লগতে জানিবলৈ দিয়ে । অসমীয়া বিভাগৰ জ্যেষ্ঠা অধ্যাপিকা ড° সুগন্ধি দাসে আঁত ধৰা আৰু শলাগৰ শৰাই আগবঢ়োৱা সভাখনত উন্মোচকৰ পৰিচয় ডাঙি ধৰে সহকাৰী অধ্যাপিকা ৰিম্পী লাহনে । শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা অৰ্চনা শইকীয়াই পৰিবেশন কৰা এটা বৰগীতেৰে আৰম্ভ কৰা সভাখনৰ আৰম্ভণীতে বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ ড° হৰেন গোৱালাই । গাম্ভীৰ্যপূৰ্ণ সভাখনত মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি ড° ভাস্কৰ বুঢ়াগোঁহাই, বাণিজ্য বিভাগৰ তত্বাৱধায়ক অধ্যাপক ৰঞ্জন দত্ত, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ধ্ৰুৱজ্যোতি নেওগ, জ্যেষ্ঠা অধ্যাপিকা মিনতি বৰঠাকুৰ, অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা তথা বিশিষ্টা সাহিত্যিক ড° জীতাঞ্জলী বৰপূজাৰী, জ্যেষ্ঠা অধ্যাপিকা অঞ্জু পাণ্ডে, ববীতা ফুকন, অৰূপাঞ্জলী বৰা, কাঞ্চনা দাস আদি বহুসংখ্যক ব্যক্তি, অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ।