নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় শিশু দিৱস। সেয়ে পুৱা জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বিদ্যালখনৰ উপাধ্যক্ষ বুধীন্দ্ৰ নাথ হাজৰিকাৰ বন্তি প্ৰজ্বলন, পুস্পাঞ্জলি অৰ্পনেৰে কাৰ্যসূচী আৰম্ভ হয়। শিশু দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলে প্ৰস্তুত কৰি উলিওৱা ‘জ্ঞানোদ্যান’ নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে সাংবাদিক অজয় শইকীয়াই। প্ৰাচীৰ পত্ৰিকাখনৰ সম্পাদনাৰ দায়িত্বত আছিল বিদ্যালয়খনৰ ছাত্র টুচান শইকীয়া। প্ৰতিটো অনুষ্ঠানৰ আঁত ধৰে শিক্ষক দিগন্ত বৰাই। দুপৰীয়া বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰীৰ সহযোগিতাত অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। ইয়াৰ আৰম্ভনিতে বিদ্যালয়খনৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ মহন্তই উপস্থিত ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি দিৱসটোৰ সন্দৰ্ভত চমু ভাষণ প্ৰদান কৰে। সাংস্কৃতিক কাৰ্যসূচীৰ মাজতে শিক্ষয়িত্ৰী জ্যোতি মালা দেৱী বেজবৰুৱাই প্ৰস্তুত কৰি উলিওৱা এখন আকৰ্ষণীয় তথ্য চিত্ৰ প্ৰদৰ্শিত হয়। সাংস্কৃতিক কাৰ্যসূচীত ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে বিভিন্ন নৃত্য-গীত পৰিবেশন কৰি দিনজোৰা কাৰ্যসূচী জীপাল কৰি ৰাখে। উল্লেখ্য যে দিৱসটোৰ লগত সংগতি ৰাখি বিদ্যালয়খনত অনুষ্ঠিত চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰে। ইয়াৰ লগতে ৰচী টনা, টাগ অৱ ৱাৰ আদি খেল অনুষ্ঠিত কৰি ছাত্র-ছাত্ৰীসকলক মনোৰঞ্জিত কৰে।
প্ৰেৰক অজয় শইকীয়া