নাহৰকটীয়া আছুৰ শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ সামৰণি
নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ : অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ পৱিত্ৰ স্মৃতিত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ কালি চূড়ান্ত খেল দুখনি অনুষ্ঠিত হৈ যায়। বিদ্যালয় শাখা আৰু মুকলি শাখা এই দুটা শাখাত অনুষ্ঠিত হোৱা এইবাৰৰ প্ৰতিযোগিতাৰ কালি বিদ্যালয় শাখাৰ চূড়ান্ত খেলখনত নামৰূপ বিভিএফচিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় দলক চাদেন ডেথ যোগে ৬-৫ গলৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰে। উল্লেখযোগ্য যে নিৰ্ধাৰিত সময়ত খেলখন গল শূণ্যভাৱে সমাপ্ত হৈছিল। আনহাতে মুকলি শাখাৰ খেলখনত নাহৰকটীয়া চাহ বাগিচা দলে নামৰূপ টাউন ক্লাৱ দলক নূন্যতম দলৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰে। বিজয়ী দলৰ হৈ একমাত্ৰ গলটো কৰে হিৰক গগৈয়ে। উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক তচেন ডেকাই বিদ্যালয় শাখা আৰু সভাপতি দীপাংক কুমাৰ নাথে মুকলি শাখাৰ চূড়ান্ত খেল দুখনি উদ্বোধন কৰা প্ৰতিযোগিতা খনৰ চূড়ান্ত খেল উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ক্ৰীড়া দৰ্পণ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে। প্ৰণিধানযোগ্য যে বিদ্যালয় শাখাত বিজয়ী দলৰ সমীৰ কোঁৱৰে শ্ৰেষ্ঠ খেলুৱৈ, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মৌচুম শইকীয়াই শ্ৰেষ্ঠ গল কীপাৰ, কঠালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লোহিত সোনোৱালে প্ৰতিভাবান খেলুৱৈ আৰু নামৰূপ বিভিএফচিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তন্ময় গগৈয়ে সৰ্বোচ্চ গল দাতা আৰু নাহৰকটীয়া চেণ্ট জেভিয়াৰ্ছ দলে শৃংখলাবদ্ধ দলৰ বঁটা লাভ কৰাৰ বিপৰীতে মুকলি শাখাত বিজয়ী দলৰ হিৰকজ্যোতি গগৈয়ে শ্ৰেষ্ঠ খেলুৱৈ, নামৰূপ টাউন ক্লাৱৰ ৰাহুল গগৈয়ে সৰ্বোচ্চ গলদাতাৰ বঁটা আৰু জয়পুৰ চকাৰ চেণ্টাৰ ফুটবল দলে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ খিতাপ অর্জন কৰে। নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, বিশিষ্ট শিক্ষাবিদ পুলিন চন্দ্ৰ দিহিঙীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক ৰমেশ নাহৰডেকা, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তৰঙ্গ কল্লোল শইকীয়া, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ জয়ন্ত কোঁৱৰ, ঋতুপৰ্ণ গগৈ, নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰাঞ্জল প্ৰতীম গগৈ, সভাপতি ত্ৰিদিব শইকীয়া, সাধাৰণ সম্পাদক নিপু ভূঞা আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিজয়ী দল আৰু খেলুৱৈ সকলক বঁটা সমূহ বিতৰণ কৰোঁ।
প্ৰেৰক প্ৰঞ্জল ভূঞা