নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ দুলীয়াজান প্ৰেছ ক্লাবৰ উদ্যোগত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে দুলীয়াজানৰ নৱনিৰ্মিত মিডিয়া ভৱনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱাভাগত পতাকা উত্তোলন কৰে প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈ, স্মৃতি তৰ্পণ কৰে ক্ৰমে প্ৰেছ ক্লাবৰ উপদেষ্টাদ্বয় কৰুণজ্যোতি শইকীয়া, আদিত্য গোস্বামী আৰু উপ সভাপতি পবিত্ৰ বৰঠাকুৰে। ইয়াৰ পাছতেই মিডিয়া ভৱন উদ্বোধন কৰে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আবাসিক বিষয়া প্ৰশান্ত বৰকাকতীয়ে। মিডিয়া ভৱনৰ সভাপতি আদিত্য গোস্বামীয়ে সভাপতিত্ব কৰা উদ্বোধনী অনুষ্ঠানত উদ্বোধক অইলৰ মুখ্য আবাসিক বিষয়া প্ৰশান্ত বৰকাকতীয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। পবিত্ৰ বৰঠাকুৰে আঁত ধৰা এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অইলৰ মহাপ্ৰৱন্ধক ত্ৰিদীৱ হাজৰিকা, প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈ, সন্মিলিত সাংবাদিক মঞ্চৰ সম্পাদক প্ৰাঞ্জল শইকীয়া প্ৰমুখ্যে অন্যান্য সংবাদকৰ্মীসকল। পৰৱৰ্তী কাৰ্যসূচী বঁটা বিতৰণী অনুষ্ঠানটো সভাপতিত্ব কৰে প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈয়ে। এই অনুষ্ঠানত দুলীয়াজান প্ৰেছ ক্লাবৰ অইল-ডিপিচি “মিডিয়া এৱাৰ্ড-২০২২” বঁটাৰে সন্মানিত কৰে সাংবাদিক প্ৰবীৰ চক্ৰৱৰ্তী আৰু উৎপল বৰাক । ইফালে বিগত বৰ্ষৰ দৰে এইবাৰো “দুলীয়াজান গৌৰৱ” বঁটা আগবঢ়ায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী প্ৰাধ্যাপক তথা দুলীয়াজানৰ জীয়ৰী ডঃ বিনীতা পাঠকক । ইয়াৰ উপৰি দুলীয়াজান অঞ্চলটোত শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশত সেৱা আৰু সু-নাম অৰ্জন কৰা পাঁচগৰাকী বিশেষ ব্যক্তি ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক জগত বৰুৱা, চিকিৎসক চম্পক দত্ত, একক প্ৰচেষ্টাৰে মানৱবিহীনভাৱে কৃষি পথাৰত পাৱাৰ টিলাৰে মাটি চহাই চমক সৃষ্টি কৰা এগৰাকী সম্ভাৱনাপূৰ্ণ ছাত্ৰ অয়ন গগৈ, বৃহত্তৰ দুলীয়াজানৰ এসময়ৰ অগ্ৰণী সমাজ সেৱিকা দিপিকা কটকী আৰু জ্যেষ্ঠ সাংবাদিক তথা নেৰ্চাচ বেকনৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত হৈ প্ৰকৃতি সুৰক্ষাৰ বাবে সেৱা আগবঢ়াই অহা দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত ভূঞাক বিশেষভাৱে সন্মানিত কৰা হয়। এই অনুষ্ঠানতে দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পূৰ্ণকান্ত হাজৰিকা অভিনন্দন গ্ৰন্থ “আত্মোপম” উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাই । উপস্থিত থাকে টেঙাখাট শিক্ষাখণ্ডৰ অৱসৰপ্ৰাপ্ত শিক্ষাবিষয়া ভৱেশ হাজৰিকা, শিক্ষাবিদ হেমকান্ত গগৈ, বিষেশ্বৰ গগৈ, দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোকবিকাশ গগৈ, দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমেন নেওগ প্ৰমুখ্যে বিভিন্ন দল-সংগঠনৰ বিষয়বীয়া, সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত গণ্যমান্য ব্যক্তি ।
প্ৰেৰক কৃষ্ণা গগৈ