বিশেষ বাৰ্তা, ১৭ নৱেম্বৰঃ উত্তৰ-পূৱ ভাৰতৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ২৫সংখ্যক দিৱস উপলক্ষ্যে আয়োজন কৰা ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানত মৰিয়নিৰ নকছাৰি তিৰুৱাল বৰ নামঘৰ বৈষ্ণৱ সমাজৰ মৃদংগীয়া দলে অনুষ্ঠান পৰিবেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা ৯ নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণী অনুষ্ঠানত দলটোৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰি মঞ্চত অনুষ্ঠান পৰিবেশন কৰে । দলটোৰ প্ৰদৰ্শনে উপস্থিত ৰাইজক মোহিত কৰে। আনহাতে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰো প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় দলটোৱে । ইফালে, অসমৰ বিভিন্ন স্থানৰ পৰা যোৱা ২৫ যোৰা মৃদংগীয়া গায়ন-বায়নৰ এক আকৰ্ষণীয় শোভাযাত্ৰাতো অংশগ্ৰহণ কৰে নকছাৰিৰ দলটোৱে। তিৰুৱাল বৰ নামঘৰ বৈষ্ণৱ সমাজৰ মৃদংগীয়া দলটোত প্ৰদীপ কুমাৰ গগৈ, ক্ষীৰোদ কোঁৱৰ, দেৱজিত গগৈ, নৃপেন গগৈ, যোগেন গগৈ, কুকিল গগৈ, পুলক গগৈ, ৰঞ্জিত গগৈ, পলাশ কুমাৰ গগৈ, প্ৰবীন কুমাৰ গগৈ, মনজিত গগৈ, শ্যাম গগৈ, বিশ্বজিত গগৈ, আকাশ গগৈ, পৰাগ গগৈ আৰু ৰিন্টুজ্যোতি কোঁৱৰে অংশগ্ৰহণ কৰিছিল। দলটোৰ এনে সফলতাই নকছাৰিৰ লগতে মৰিয়নিলৈও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, নকছাৰিৰ এইসকল লোকে নানা সমস্যাৰ মাজতো মৃদংগীয়া গায়ন-বায়নৰ চৰ্চা অব্যাহত ৰাখিছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া