মালবাহী ৰেল লাইনচ্যুত হৈ ওড়িশাত ভয়ংকৰ দুৰ্ঘটনা : ২জনৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ ওড়িশাৰ জাজপুৰ জিলাৰ কোৰাই ষ্টেচনত আজি পুৱা ৬:৪৪ বজাত এখন মালভৰ্তি ৰেল ৰেলপথৰ পৰা পথচ্যুত হোৱাত ২ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়। ইয়াৰ বাবেই ষ্টেচনটোৰ নিৰ্মাণকে ধৰি ৰে’লৱেৰ সা-সম্পত্তিৰ যথেষ্ট ক্ষতি হৈছে। ষ্টেচনটোত বৰ্তমান দুয়োটা ৰেললাইন ব্যাহত হৈছে। মালবাহী ট্ৰেইনখনৰ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মালবাহী ট্ৰেইনখন ৰেলপথৰ পৰা ওলাই আহি ষ্টেচনৰ ৱেটিংৰুমৰ লগত খুন্দা মাৰে। মালবাহী ট্ৰেইনখনৰ প্ৰায়কেইটা দবা ইটোৱে সিটোৰ ওপৰত উঠি যায়। ইষ্ট ক’ষ্ট ৰে’লৱে জ’নৰ খুৰদা ৰোড ৰে’ল বিভাগৰ অন্তৰ্গত ৰে’লৱেৰ ভদ্ৰক-কপিলাছ ৰোড ৰে’লৱে অংশত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাস্থলীত উপস্থিত হয় দুৰ্ঘটনা সাহায্য ৰেল আৰু চিকিৎসা দল। দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে। তাৎপৰ্যপূৰ্ণভাৱে যোৱা তিনি মাহৰ ভিতৰত এই মালবাহী ট্ৰেইনখনৰ সৈতে ষষ্ঠটো দুৰ্ঘটনা। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মৃতকৰ পৰিয়ালৰ বাবে ৫ লাখ টকা আৰু ওড়িশা চৰকাৰে ঘোষণা কৰিছে ২ লাখ টকা। গুৰুতৰভাৱে আহতসকলক ১ লাখ আৰু সামান্য আঘাতপ্ৰাপ্তসকলক ২৫ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছে ৰে’লৱেই। কোৰাইত সংঘটিত মালবাহী ৰেল দুৰ্ঘটনাৰ বাবে হৰিদাসপুৰ ৰেল ষ্টেচনত আবদ্ধ হৈ পৰে ৩০০ যাত্ৰী। ইয়াৰে ২১০ জন যাত্ৰীক ১৮০৪৬ হায়দৰাবাদ-শ্বালিমাৰ ইষ্ট ক’ষ্ট এক্সপ্ৰেছেৰে অনৱাৰ্ড জাৰ্নৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে বাকী যাত্ৰীসকলক পথেৰে আহিবলৈ কোৱা হৈছে। দুৰ্ঘটনাটোৰ বাবে ৮খন ৰেল বাতিল, ৫খন ৰেল আংশিকভাৱে বাতিল আৰু ১২খন ৰেলৰ যাত্ৰাপথ সলনি কৰা হয়।