নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৱল কেৰালাতেই কিয় দেখা গৈছে ক’ৰোনা ভাইৰাছৰ লক্ষণ ? জানিলে আচৰিত হ’ব আপুনিও…

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ কেৰালাই ভাৰতৰ একমাত্ৰ ৰাজ্য য’ত বিশ্বজুৰি আতংক সৃষ্টিকাৰী মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বেছিকৈ পোহৰলৈ আহিছে । ৰাজ্যখনত তিনিগৰাকীকৈ লোক এই ভাইৰাছৰ ফলত আক্ৰন্ত হৈছে । একাংশ ডাক্তৰৰ মতে এই তিনিওটা ঘটনাতেই খাদ্যৰ প্ৰভাৱৰ ফলত সংক্ৰমণ হোৱা বুলি জানিবলৈ দিছে । কাৰণ এই ভাইৰাছবিধৰ বৰ্ধিত সংক্ৰমণৰ ফালে চাই খাদ্যই কৰা প্ৰভাৱকো ধৰা হৈছে । কিয়নো বৈজ্ঞানিক আৰু ডাক্তৰসকলে এতিয়া ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে চীনৰ আমিষ খাদ্যভাষক দোষাৰূপ কৰিছে । ডাক্তৰে জনাইছে যে চীনত পোৱা বেছিভাগ খাদ্যই বিভিন্ন জন্তু আৰু পক্ষীৰ মাংসেৰে তৈয়াৰী ।

চীনৰ আমিষ খাদ্যভাষ

আনহাতে ভাৰতৰ কেৰালাও এনে এখন ৰাজ্য য’ত তাৰ লোকসকলে সৰহ সংখ্যক লোকে আমিষ খাদ্য গ্ৰহণ কৰে । এনে ক্ষেত্ৰত ভাৰতীয় এই লোকসকলৰ সংক্ৰমণৰ বাবে ইও এটা কাৰণ হ’ব পাৰে ।

উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ আক্ৰমণত এইপৰ্যন্ত তিনি শতাধিক লোকৰ মৃত্যু হৈছে । লগতে এই ভাইৰাছ ভাৰত, ফিলিপাইনছ, আমেৰিকা, ব্ৰিটেইনকে ধৰি কেইবাখনো দেশলৈ সংক্ৰমণ হৈছে । লগতে চীনৰ য়ুহান চহৰৰ পৰা ৩২৪ জন ভাৰতীয় লোকক ঘূৰাই অনা হৈছে । তেওঁলোকক বৰ্তমান দিল্লীৰ আই টি বি পিৰ চাউলা শিবিৰত নিৰীক্ষণত ৰখা হৈছে ।

You might also like