নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে নাহৰকটীয়াত বক্তৃতা-ৰচনা প্ৰতিযোগিতা

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ: লাচিত বৰফুকনৰ চাৰিশ সংখ্যক জন্মজয়ন্তী উপলক্ষে অসম চৰকাৰে আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া কায্যালয় আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ যৌথ উদ্যোগত নাহৰকটীয়া মহাবিদ্যালয়ত লাচিত বৰফুকনৰ ওপৰত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অধ্যাপক ডঃ ধীৰাজ কুমাৰ দাসে আঁত ধৰা, মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে আদৰণি বক্তব্য আগবঢ়োৱা তথা নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৰৎ গগৈয়ে উদ্বোধন কৰা অনুষ্ঠানটোত বীজ বক্তব্য ৰাখে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ দীপাংকৰ গগৈয়ে। উল্লেখযোগ্য যে অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই বক্তৃতা প্ৰতিযোগিতাত সাগৰিকা গগৈয়ে প্ৰথম স্থান, ৰিমলী কোঁৱৰে দ্বিতীয় স্থান আৰু জ্যোতি সিংয়ে তৃতীয় স্থান লাভ কৰে। ইয়াৰোপৰি বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ভিটালী বকলীয়ালে। আনহাতে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত অনুষ্ঠিত হোৱা আৰু শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা লাচিত বৰফুকনৰ ওপৰত লিখা ৰচনা প্ৰতিযোগিতাত য়াচিতা সোনাৰে প্ৰথম স্থান লাভ কৰি নগদ ২০০০ টকা, ৰূপশ্ৰী গগৈয়ে দ্বিতীয় স্থান লাভ কৰি নগদ ১৫০০ টকা আৰু জাহ্নৱী গগৈয়ে তৃতীয় স্থান অধিকাৰেৰে নগদ ১০০০ টকা লাভ কৰে। বিজয়ীসকলক পুৰস্কাৰসমূহ বিতৰণ কৰে ক্ৰমে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, ৰাজহ চক্ৰ বিষয়া কায্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক ঙৌ ই ক্লেট গোঁহাই, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ডঃ অনন্ত কুমাৰ বৰুৱা, গ্ৰন্থাগাৰিক সুৰজ গগৈ আদিকে ধৰি বিশিষ্ট ব্যক্তি সকলে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like