নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত লাচিতৰ জন্মজয়ন্তী উদ্বোধন বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰঃ কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অসম চৰকাৰে কেন্দ্রীয়ভাৱে আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ তিনি দিনজোৰা ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ এই উপলক্ষে প্রদান কৰা ভাষণত কেন্দ্রীয় মন্ত্রী সীতাৰমণে লাচিত বৰফুকনৰ দৰে এগৰাকী মহাবীৰক দেশৰ অন্য প্রান্তৰ জনসাধাৰণৰ আগত পৰিচিত কৰোৱাৰ উদ্দেশ্যে লোৱা এই উদ্যোগৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাক ধন্যবাদ জ্ঞাপন কৰে৷ মহাবীৰ লাচিতক এগৰাকী প্রকৃত দেশপ্রেমিক আখ্যা দি তেওঁ কয় যে অসাধাৰণ শৌর্য, সাহস তথা ৰণকৌশলৰ পৰিচয় দাঙি ধৰা বীৰগৰাকীৰ বিষয়ে প্রতিগৰাকী ভাৰতীয়ই জনাৰ প্রয়োজন আছে৷ আহোম যুগৰ স্বর্ণিল ইতিহাসক দেশবাসীৰ আগত তুলি ধৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্রান্তত এই ধৰণৰ কার্যসূচী অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনাই কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে লগতে কয় যে এই দিশত অসম চৰকাৰক সহায়–সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ সাংসৃক্তিক মন্ত্রালয়ক অনুৰোধ জনাব৷ কেন্দ্রীয় বিত্ত মন্ত্রী সীতাৰমণে আজি অসমৰ ২০০০ বছৰীয়া ইতিহাসক প্রতিফলিত কৰি আয়োজন কৰা এখন প্রদর্শনীৰ দ্বাৰো আনুষ্ঠানিকভাৱে মুকলি কৰে৷  আহোম যুগত বুৰঞ্জী লিখাৰ পৰম্পৰা তথা চৰাইদেউৰ অনুপম মৈদামসমূহৰ কথা ভাষণ প্রসংগত উল্লেখ কৰি তেওঁ এই সাংসৃক্তিক ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহাবীৰ লাচিত বৰফুকনৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ কয় যে অসাধাৰণ সাহস, দেশপ্রেম আৰু ত্যাগৰ অপূর্ব নিদর্শন দাঙি ধৰা লাচিত বৰফুকন নিঃসন্দেহে দেশৰ ইতিহাসৰ অন্যতম গৌৰৱোজ্জ্বল অধ্যায়৷ ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত লাচিতৰ অতুলনীয় নেতৃত্ব আৰু অসাধাৰণ পৰাক্রমে আহোম ৰাজত্বৰ ধাৰাবাহিকতা সুনিষ্চিত কৰাৰ উপৰি খিলঞ্জীয়া অসমীয়াৰ স্বকীয়তা আৰু সংসৃক্তিক সুৰক্ষিত কৰিছিল৷ মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে এই যুদ্ধত আগ্রাসী মোগলৰ হাতত যদি আহোমসকলৰ পৰাজয় হলহেতেন তেন্তে অকল অসমৰে নহয়, বৰং সমগ্র দক্ষিণ পূব এছিয়াৰ সাংসৃক্তিক পৰিচয়ে অন্য ৰূপ ললে হয়৷ সেয়েহে প্রাচীন আৰু মধ্যযুগৰ আন মহান যোদ্ধা আৰু ৰজাসকলক যিদৰে গুৰুত্ব প্রদান কৰা হৈছে, একেদৰে লাচিত বৰফুকনকো ইতিহাসৰ পৃষ্ঠাত উপযুক্ত স্থান দিয়া উচিত৷ তেওঁ কয় যে ইতিহাসৰ পাতত মহান দেশপ্রেমিক গৰাকীক উপযুক্ত স্থান দিয়াৰ বাবে দিল্লীত লাচিত দিৱস উদযাপনেৰে ৰাজ্য চৰকাৰৰ এক বিনম্র প্রয়াস কৰিছে৷ যি সময়ত ভাৰত উপমহাদেশৰ অন্যান্য প্রান্তত ইছলামিক আগ্রাসনকাৰীৰ দ্বাৰা খিলঞ্জীয়া ভাৰতীয়ৰ সাংসৃক্তিক পৰিচয়ৰ অস্থিৰতা আৰু ধবংস এটা নিয়মত পৰিণত হৈছিল, সেই সময়ত ৰাজনৈতিক সুস্থিৰতা আৰু ঐক্য প্রদান কৰাৰ ক্ষেত্রত আহোম শাসনৰ ভূমিকাক মুখ্যমন্ত্রীয়ে প্রশংসা কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে এনে গৌৰৱ–গাথা সত্ত্বেও আহোম শাসন আৰু লাচিত বৰফুকনৰ দৰে সেনাপতিৰ বিষয়ে অগ্রণী ইতিহাসবিদসকলৰ দ্বাৰা আলোচনা, লেখন আৰু গৱেষণা কৰা পৰিলক্ষিত হোৱা নাই৷ তেওঁ এই ধাৰাটোৰ বিপৰীতে এনেধৰণৰ পদক্ষেপে বহুখিনি সহায় কৰিব বুলি আশা প্রকাশ কৰে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাষ্ট্রীয় ৰাজধানীত কেন্দ্রীয়ভাৱে লাচিত বৰফুকনৰ জন্মজয়ন্তী উদ্যাপনৰ পদক্ষেপে ভাৰতত ঔৰংজেৱতকৈ যে উচ্চমানৰ ৰজা আৰু ৰাজশাসন আছিল সেই কথা ভাৰতৰ জনসাধাৰণক উপলব্ধি কৰাত সহায় কৰিব৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে যোৰহাট জিলাত লাচিত বৰফুকনৰ মৈদামত এক সুদৃশ্য স্মাৰক নির্মাণ, চর্দাৰ বল্লভভাই পেটেল ৰাষ্ট্রীয় পুলিচ একাডেমী প্রাংগণত মহাবীৰগৰাকীৰ স্মাৰক ভৱন স্থাপন আদিৰ দৰে লোৱা পদক্ষেপৰ কথাও উল্লেখ কৰে৷ লাচিত বৰফুকনৰ তিনি দিনজোৰা জন্মজয়ন্তী উদযাপন কার্যসূচীত উপস্থিত থাকি সৌষ্ঠৱ ববাই তোলাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কেন্দ্রীয় বিত্ত মন্ত্রীগৰাকীক অসমৰ এগৰাকী শুভাকাংক্ষী বুলি অভিহিত কৰে৷ কাইলৈ অর্থাৎ বৃহস্পতিবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু শুকুৰবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নির্দ্ধাৰিত আনুষ্ঠানিক উপস্থিতিয়ে উত্তৰ পূর্বাঞ্চলৰ সামগ্রিক উত্তৰণৰ দিশত বর্তমানৰ কেন্দ্রীয় চৰকাৰখনে প্রদর্শন কৰি অহা দায়বদ্ধতাকে সূচাইছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ আজি আহোমৰ সোণালী অধ্যায়আশা নৈপুণ্য আৰু বীৰত্বৰ গাথা বিষয়ক এখন আলোচনাচক্রও অনুষ্ঠিত হয়৷ অসম চৰকাৰ প্রাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই আঁত ধৰা এই আলোচনা চক্রত লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতা, প্রাক্তন আৰক্ষী সঞ্চালক প্রধান প্রকাশ সিং, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সম–উপাচার্য অধ্যাপক কপিল কাপুৰ, ৰাজ্যিক তথ্য আয়ুক্ত ড০ সমুদ্রগুপ্ত কাশ্যপ, বিশিষ্ট শিক্ষাবিদ কুলদীপ পাটোৱাৰী আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড০ চন্দন কুমাৰ শর্মা উপস্থিত থাকে৷

You might also like