নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহা সংকটত মহাবাহুঃ ঢকুৱাখনাত মৰুভূমিত পৰিণত হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষ

নিয়মীয়া বাৰ্তা,   ২৮নৱেম্বৰ- সংকটত পৰিছে অসম আৰু অসমীয়াৰ জীৱন ৰেখাসদৃশ মহাবাহু ব্ৰহ্মপুত্ৰ৷ উদ্বেগজনকভাবে হ্রাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।নৈপৰীয়াৰ শংকা, নি:শেষ হ’ব সকলো।ব্ৰহ্মপুত্ৰৰ পাৰত বাস কৰা লাখ-লাখ লোকৰ জীৱন-জীৱিকালৈ ভাবুকি কঢ়িয়াই দ্ৰুতগতিত উজনিৰ পৰা নামনিলৈ শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰ৷ যি গতিত ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ বুকুত চকুৰে মণিব নোৱাৰালৈকে দেখিবলৈ পোৱা গৈছে মাথোঁ বালি৷ শুকান বালি চৰৰ মাজত যেন হেৰাই গৈছে চিৰ প্ৰবাহমান মহাবাহুৰ প্ৰকৃত ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাতো উদ্বেগজনকভাবে হ্রাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ঢকুৱাখনাৰ দ টেকেলিফুটা, মাতমৰা আদি নৈপৰীয়া অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ বুকুত দেখা গৈছে কাহানিও নেদখা এক পৰিৱেশ।ভৰ বাৰিষা ফেনে ফোটোকাৰে ওফন্দি উঠা ব্ৰহ্মপুত্ৰত এতিয়া নাই পানী।ক্ৰমাৎ বাম হৈ আহিছে ব্ৰহ্মপুত্ৰৰ ভূ-গৰ্ভ। চাৰিওফালে এতিয়া কেৱল বালি আৰু বালি চৰ। বিশাল এলেকাত বাৰিষাৰ দিনত সাগৰসদৃশ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে খৰালিত মৰুভূমিসদৃশ পৰিবেশে বিৰাজ কৰিছে। এফালৰ পৰা শুকাই গৈছে ব্ৰহ্মপুত্ৰ।মাত্ৰাধিক হাৰত ব্ৰহ্মপুত্ৰৰ বুকুত সৃষ্টি হৈছে বালিচৰ, গজিছে ঘাঁহ-বন৷ পূৰ্বতে যি স্থানত চলিছিল নাও সেই স্থানত এতিয়া চলিছে যান-বাহন। বিশাল ব্ৰহ্মপুত্ৰৰ এনে পয়ালগা অৱস্থাক লৈ স্বাভাৱিকতেই শংকিত হৈ পৰিছে নৈপৰীয়া। নৈপৰীয়া পশু পালকৰ লগতে মৎস্যজীৱীলৈও নামি আহিছে ঘোৰ অন্ধকাৰ।ভয়ংকৰ খৰাঙে প্ৰত্যাহ্বান কঢ়িয়াইছে ব্ৰহ্মপুত্ৰৰ বুকুত থকা জীৱকুললৈও।

উল্লেখ্য যে পূৱ ঢকুৱাখনা, মাতমৰা আৰু খেৰকটা পঞ্চায়তৰ নৈপৰীয়া লোকসকলৰ বাবে ব্ৰহ্মপুত্ৰ নদীখন জীৱন আৰু জীৱিকাৰ উৎস ।বাৰিষা খৰালি সকলো সময়তেই ব্ৰহ্মপুত্ৰৰ বুকুত মাছ ধৰি, উটি অহা কাঠ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল বহুতেই।কিন্তু বিগত কেইবছৰমানৰ পৰা খৰালিত ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক পৰিৱৰ্তনত নৈপৰীয়াই মূৰে-কপালে হাত দিছে।উল্লেখ্য যে, চীন আৰু অসম-অৰুণাচল সীমান্তৰ সোৱণশিৰিৰ নদীবান্ধৰ পাচতেই অতি ভয়াৱহভাৱে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাবলৈ ধৰিছে । ক্ৰমাৎ তৰাং হৈ যোৱা ব্ৰহ্মপুত্ৰত খনন চলোৱাৰ কথা বিভিন্ন সময়ত চৰকাৰে উল্লেখ কৰি আহিছে যদিও বাস্তৱত সেয়া সম্ভৱ হৈ উঠা নাই । ব্ৰহ্মপুত্ৰত খনন কাৰ্য চলাই জলপথৰ ব্যৱসায়-বাণিজ্যক নতুন গতি প্ৰদান কৰাৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে যদিও বাস্তৱত সেয়া কিমানদূৰ কাৰ্যকৰী হ’ব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।কিন্তু ইয়াৰ মাজতেই যুগে যুগে সমন্বয়ৰ বাৰ্তা দি অহা বুঢ়া লুইতৰ এনে অৱস্থাই অতি সোনকালে মাতি আনিব পাৰে ভয়ঙ্কৰ দিনৰ আগজাননী।

পেৰক পুলকজ্যোতি বৰা

You might also like