ৰামেশ্বৰ তেলীৰ ঘৰত আক্ৰমণত জড়িত এই পৰ্যন্ত ৩ জনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্রমণ কৰিবলৈ যোৱা দলটোৰ বিৰুদ্ধে আৰক্ষীৰ তদন্তকাৰী দলে অভিযান অব্যাহত ৰাখিছে৷ যোৱা ১ ফেব্রুৱাৰীৰ পুৱতিনিশা ২ বজাত গ্রেপ্তাৰ কৰা হৈছে আন তিনি অভিযুক্তক৷ ইয়াৰে এজন অভিযুক্ত টিপলিং পুৰণাঘাটস্থিত দেৱজিৎ হাজৰিকা ওৰফে মুন নামৰ যুৱকজনে বিগত প্রায় ৫ বছৰে বিজেপিৰ সক্রিয় কর্মী হিচাপে দলৰ হৈ কাম কৰি আহিছিল৷ অকল সেয়াই নহয়, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰ সোঁৱে–বাঁৱে ঘূৰি ফুৰাও ৰাইজে প্রত্যক্ষ কৰি আহিছিল হাজৰিকাক৷ আনহাতে, অসম গেছ কোম্পানীৰ মেডিকেল কলনীস্থিত জর্জ বাহাদুৰ সোণাৰৰ পুত্র বিকি সোণাৰ নামৰ আন এজন ধৃত যুৱককো বিজেপি কর্মী বুলি জানিব পৰা গৈছে৷ গ্রেপ্তাৰ হৈছে টিপলিং পুৰণাঘাটৰ প্রয়াত মহেশ কাহাৰৰ পুত্র অনুপ কাহাৰ ৷
ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/১৪৭/১৪৮/১৪৯/১৫৩ এ এ ৩৩৬/৩৫৩/১৮৮/৩২৬/৩০৭/৪২৭/৪৩৬, আৰ ডব্লিউ ছেকচন ২৫(১–এ) আর্মছ এক্ট, আৰ ডব্লিউ ছেকচন ৪ পি ডি পি পি এক্টৰ অধীনত দুলীয়াজান আৰক্ষী থানাত ৰুজু হোৱা ৬২৬/২০১৯নং গোচৰৰ ভিত্তিত তিনিওকে ডিব্রুগড় আদালতত হাজিৰ কৰাই জে’ল–হাজোতলৈ প্রেৰণ কৰা হৈছে৷
উল্লেখ্য যে ঘটনাৰ দিনা নিশাৰ ভাগত এটা দলে মুখত ক’লা কাপোৰ বান্ধি হাতে হাতে তৰোৱাল, পেট্র’ল বোমা, শিলগুটি, ৰড আদি লৈ টিপলিংস্থিত কেন্দ্রীয় মন্ত্রী তেলীৰ বাসগৃহত আক্রমণ কৰিবলৈ উদ্যত হৈছিল যদিও ব্যর্থ হৈ কেন্দ্রীয় মন্ত্রীজনৰ বাসগৃহৰ গাতে লাগি থকা আত্মীৰ ঘৰত আক্রমণ চলাই সন্মুখৰ এখন গুমটি দোকান আৰু এখন বাহন জ্বলাই–ভাঙি সম্পূর্ণৰূপে নষ্ট কৰিছিল৷ এই হিংসাত্মক ঘটনাত ঘৰৰ পিছদুৱাৰেদি কোনোমতে প্রাণ বচাই পলাই সাৰিছিল কেন্দ্রীয় মন্ত্রী তেলীৰ আত্মীয়৷