নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ স্নাতকোত্তৰ পাঠ্যক্রমত অধ্যয়নৰত সকলো ছাত্রীকে মাহিলি প্রদান কৰা হ’ব এহেজাৰ টকাকৈ

  • মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা
  • শিক্ষা বিভাগে অচিৰেই মুকলি কৰিব বিশেষ প’র্টেল
  • স্নাতকোত্তৰ ছাত্রীয়ে আবেদন কৰিব লাগিব প’র্টেলত

নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: স্নাতকোত্তৰ শ্রেণীত অধ্যয়নৰত প্রতিগৰাকী ছাত্রীলৈ শিক্ষানুষ্ঠানলৈ অহা–যোৱাৰ বাবদ চৰকাৰে প্রদান কৰিব মাহে এহেজাৰ টকাকৈ৷  এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ খানাপাৰাত মেধাৱী ছাত্র–ছাত্রীক স্কুটী বিতৰণৰ অনুষ্ঠানত ভাষণ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে যে বিগত বিধানসভা নির্বাচনৰ সময়তে শিক্ষার্থীক শিক্ষানুষ্ঠানলৈ অহা–যোৱাৰ বাবদ খৰচ প্রদানৰ এক প্রতিশ্রুতি প্রদান কৰা হৈছিল৷ এই প্রতিশ্রুতিৰ প্রথম সংস্কৰণ হিচাপে স্নাতকোত্তৰ শ্রেণীত পঢ়ি থকা ছাত্রীসকলক প্রতিমাহে চৰকাৰে এহেজাৰ টকাকৈ প্রদান কৰিব৷ বছৰত যিহেতু ১০ মাহ পাঠদান চলে, সেয়েহে মাহে এহেজাৰ টকাকৈ মুঠ ১০ হাজাৰ টকা ছাত্রীগৰাকীৰ বেংক একাউণ্টত জমা কৰা হ’ব৷ অচিৰেই শিক্ষা বিভাগে এক বিশেষ প’র্টেল মুকলি কৰিব৷ ইয়াৰ জৰিয়তে ছাত্রীসকলে আবেদন কৰিব পাৰিব৷ মুখ্যমন্ত্রীয়ে স্পষ্ট কৰে যে ব্যক্তিগত বা চৰকাৰী যি বিশ্ববিদ্যালয়তে নহওক প্রতিগৰাকী ছাত্রীয়ে এই ধনৰ বাবে আবেদন কৰিব পাৰিব৷ অসমৰ চাৰিসীমাত থকা সকলো স্নাতকোত্তৰ ছাত্রীয়ে আবেদন কৰিব পাৰিব আৰু চৰকাৰে এমাহৰ ভিতৰতে প্রতিগৰাকী ছাত্রীৰ বিপৰীতে ১০ হাজাৰ টকা বেংকত জমা কৰি দিব৷ মুখ্যমন্ত্রীয়ে ভৱিষ্যতে এই আঁচনিত ছাত্রসকলক অন্তর্ভুক্ত কৰাৰ লগতে স্নাতক পর্যায়তো এই খৰচ প্রদানৰ সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰে৷

You might also like