নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাট বিধানসভা নির্বাচন: আজি প্রথম পর্যায়ৰ ৮৯ বিধানসভা সমষ্টিত ভোটগ্রহণ

  •  ১৯ জিলাৰ সমষ্টিকেইটাত ৭৮৮ প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ২.৪০ কোটি ভোটাৰে

 

নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: দেশবাসীৰ দৃষ্টি নিবদ্ধ গুজৰাট বিধানসভা নির্বাচনৰ আজি প্রথম পর্যায়ৰ ভোটগ্রহণ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ গৃহৰাজ্যখনত আজি প্রথম পর্যায়ত ৮৯টা বিধানসভা সমষ্টিত ভোটগ্রহণ হৈছে৷ শাসকীয় বিজেপিয়ে সপ্তমবাৰৰ বাবে ৰাজ্যখনত শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ লক্ষ্যৰে তীব্র প্রচাৰ অভিযান চলোৱাৰ সমান্তৰালকৈ বিৰোধী কংগ্রেছ, দিল্লী–পঞ্জাবশাসিত আম আদমী পার্টীয়ে জোৰদাৰ প্রচাৰ চলোৱাৰ অন্তত আজি ভোটগ্রহণ হ’বলগীয়া ৮৯ বিধানসভা সমষ্টিত ৭৮৮ প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ১৯খন জিলাক সাঙুৰি থকা ৮৯ বিধানসভা সমষ্টিৰ ভিতৰত ১৪টা অনুসূচিত জনজাতি আৰু সাতটা দলিতৰ বাবে সংৰক্ষিত৷ প্রার্থীসকলৰ ভিতৰত ৭০গৰাকী মহিলা আৰু ৩৩৯ নির্দলীয় আছে৷ বাকী প্রার্থীৰ ভিতৰত বিজেপি, কংগ্রেছ, আপ আৰু অন্যান্য ৰাজনৈতিক দলৰ৷

৮৯ বিধানসভা সমষ্টিত ২,৩৯,৭৬,৬৭০ ভোটাৰে ভোটদান কৰিব৷ ইয়াৰ ভিতৰত ১,২৪,৩৩,৩৬২ পুৰুষ আৰু ১,১৫,৪২,৮১১ মহিলা ভোটাৰ থকাৰ বিপৰীতে তৃতীয় লিংগৰ ভোটাৰ আছে ৪৯৭জন৷ নির্বাচন আয়োগে প্রকাশ কৰা মতে, প্রথম পর্যায়ৰ ভোটগ্রহণৰ বাবে ২৫,৪৪৩ ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে৷ ইয়াৰ ভিতৰত ১৬,৪১৬ গ্রামাঞ্চলত আৰু ৯,০১৪ চহৰাঞ্চলত৷ ১৮২জনীয়া বিধানসভাৰ কাইলৈ প্রথম পর্যায়ত ৮৯ বিধানসভা সমষ্টিত ভোটগ্রহণ হোৱাৰ বিপৰীতে ৫ ডিচেম্বৰত বাকীকেইটাত ভোটগ্রহণ হ’ব৷ ৮ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব৷

You might also like