প্রধানমন্ত্রীৰ কোকৰাঝাৰ ভ্রমণৰ পাছতেই অনুষ্ঠিত কৰিব ৰাজনৈতিক অভিৱৰ্তন
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ বি টি আৰ চুক্তি স্বাক্ষৰৰ পাছত বড়োভূমিৰ ৰাজনীতিত নতুন শক্তিৰ আত্মপ্ৰকাশ ঘটাটো একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে । অচিৰেই বড়োভূমিৰ নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহণ কৰিব বি টি আৰ চুক্তিৰ স্বাক্ষৰকাৰী এবছু, এন ডি এফ বিৰ চাৰিওটা বিভাজিত গোট আৰু ইউ বি পি অ’ৰ নেতৃত্ব । অৱশ্যে তেওঁলোকে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ দৰে পৃথক ৰাজনৈতিক দল গঠন কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয় নে সংঘবদ্ধভাৱে বড়ো জনগোষ্ঠীকে ধৰি অঞ্চলটোৰ জনসাধাৰণৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নিৰ্দলীয় ৰূপত অৱতীৰ্ণ হয়, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷
পিছে যি ৰূপতেই নহওক কিয়, এবছু, এন ডি এফ বি, ইউ বি পি অ’ সংসদীয় নির্বাচনী ৰাজনীতিলৈ অহাটো স্পষ্ট হৈছে৷ ‘নিয়মীয়া বার্তা’ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এবছুৰ সভাপতি প্রমোদ বড়োৱে এই সম্পর্কত কয় যে অহা ৭ ফেব্রুৱাৰীৰ প্রধানমন্ত্রীৰ অসম ভ্রমণৰ পাছতেই তেওঁলোকে ৰাজনৈতিক কার্যসূচীৰ ওপৰত পদক্ষেপ গ্রহণ কৰিব৷ বি টি আৰ চুক্তিৰ স্বাক্ষৰকাৰী প্রতিটো সংগঠনে চলিত ফেব্রুৱাৰী মাহৰ ভিতৰত ৰাজনৈতিক অভিৱর্তন অনুষ্ঠিত কৰি সেই সম্পর্কত আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্রহণ কৰিব৷ নির্বাচনী ৰাজনীতিত অংশগ্রহণৰ প্রসংগত তেওঁ কয় যে এয়া ৰাইজে বিচাৰিছে৷ বি টি আৰ চুক্তিত স্বাক্ষৰৰ পাছত ৰাইজে চুক্তিখনৰ স্বাক্ষৰকাৰীসকলক বিটিচি প্রশাসনৰ দায়িত্বলৈ অহাটো বিচাৰিছে৷ কাৰণ চুক্তিখনৰ প্রতিটো দফা ৰূপায়ণ কৰাটো যিদৰে চৰকাৰৰ দায়িত্ব, সেইদৰে চুক্তি ৰূপায়ণ হৈছে নে নাই, সেয়া নিৰীক্ষণ কৰা আৰু ইয়াৰ বাবে চৰকাৰক প্রয়োজনীয় হেঁচা দিয়াটো চৰকাৰৰ দায়িত্ব৷ ইয়াৰ বাবেই ৰাইজে চুক্তি স্বাক্ষৰকাৰীসকল ৰাজনীতিলৈ অহাটো বিচাৰিছে৷
মন কৰিবলগীয়া এয়ে যে বড়োভূমিত শান্তি স্থাপনৰ বাবে যেতিয়াই চৰকাৰে চুক্তি সম্পাদিত কৰিছে, তেতিয়াই বড়ো ৰাজনীতিত এক নতুন ধাৰা সৃষ্টি হৈছে৷ ১৯৯৩ চনত বি এ চি চুক্তি স্বাক্ষৰৰ পাছত বড়োলেণ্ড পিপলছ পার্টী, চমুকৈ বি পি পি নামৰ ৰাজনৈতিক দল এটাই আত্মপ্রকাশ কৰে৷ ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰৰ পাছত বি পি এফ দলৰ জন্ম হয়৷